হাজোত প্ৰেমিকৰূপী কাকায়েকৰ জঘন্যকাণ্ড ...

হাজোৰ খোপনিকুছিত প্ৰেমিকাৰ পিতৃক নিচাযুক্ত দ্ৰব্য খুৱাই প্ৰেমিকাক হত্যা কৰিলে ঘাতকৰূপী ককায়েক তথা প্ৰেমিকে। খোপনিকুছিৰ জুলহাজ উদ্দিন নামৰ লোকজনৰ কনিষ্ঠ জীয়ৰীৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল প্ৰতিবেশী জামাল আলীৰ পুত্ৰ আহমদ আলীৰ সৈতে। 

author-image
Asomiya Pratidin
New Update
420

ডিজিটেল সংবাদ, হাজো : হাজোৰ খোপনিকুছিত প্ৰেমিকাৰ পিতৃক নিচাযুক্ত দ্ৰব্য খুৱাই প্ৰেমিকাক হত্যা কৰিলে ঘাতকৰূপী ককায়েক তথা প্ৰেমিকে। খোপনিকুছিৰ জুলহাজ উদ্দিন নামৰ লোকজনৰ কনিষ্ঠ জীয়ৰীৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল প্ৰতিবেশী জামাল আলীৰ পুত্ৰ আহমদ আলীৰ। 

প্ৰেমিকা হোৱাৰ উপৰিও ছোৱালাজনী আন সম্পৰ্কত আহমদ আলীৰ মাহীয়েকৰ ছোৱালী। আহমদ আলীৰ প্ৰায়েই আহ যাহ হৈছিল ছোৱালীজনীৰ ঘৰলৈ। মাজে সময়ে প্ৰেমিকা তথা জুলহাজৰ কন্যাৰ ওপৰত আহমদে চলাইছিল শাৰীৰিক অত্যাচাৰো। কেৱল এয়াই নহয়, প্ৰেমিকাক নিজৰ পৰিয়ালৰ সন্মুখতে কেইবাবাৰো হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল এইটো আহমদ আলীয়ে।

তেনে সময়তে যোৱা মংগলবাৰে নিশা সেই অকল্পনীয় কাণ্ডই সংঘটিত কৰিলে লম্পট আহমদ আলীয়ে। অইন দিনাৰ দৰে বৃহস্পতিবাৰে নিশাও আহমদ আলী আহিছিল প্ৰেমিকাৰ ঘৰলৈ। প্ৰেমিকাৰ ঘৰলৈ আহি প্ৰেমিকাৰ পিতৃ জুলহাজ উদ্দিনক আহমদে সেৱন কৰোৱাইছিল নিচাযুক্ত দ্ৰব্য মিহলি বিড়ি।

সেই বিড়ি সেৱন কৰিয়েই অচেতন হৈ পৰিছিল প্ৰেমিকাৰ পিতৃ। পিছদিনা পুৱা টোপনিৰ পৰা সাৰ পাই চিপ লোৱা অৱস্থাত নিজৰ ১৭ বছৰীয়া জীয়ৰীক প্ৰত্যক্ষ কৰি জুলহাজ উদ্দিনৰ মুৰত যেন সৰগ ভাগি পৰিল। জুলহাজৰ চিঞৰ বাখৰত ওচৰ চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হোৱাত নিজৰ ঘৰৰ পৰা পলায়ন কৰে প্ৰেমিকৰূপী ঘাটক আহমদ আলী।

এই ঘটনাৰ পাছতে প্ৰেমিকাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হাজো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আহমদ আলীৰ পিতৃ জামাল আলীক। যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে মূল অভিযুক্ত আহমদ আলী।

হাজো