/asomiyapratidin/media/media_files/2025/08/09/58-2025-08-09-23-52-09.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : সাংবাদিকতাৰ যোগেদি বিগত দিন ধৰি সমাজলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে শনিবাৰে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অসমীয়া প্ৰতিদিনৰ তেজপুৰ সদৰৰ জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি নাথক সম্বৰ্ধনা জনায় । উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মিলনকক্ষত আজি দিনৰ ১২-০০ বজাত সাংবাদিকৰ সৈতে এক গাম্ভীৰ্যপূৰ্ণ মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।
সেই অনুসৰি অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ ছিঙে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা গামোচাৰে সম্বৰ্ধনা জনাই এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰে । এইক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ ডীন ড° এম কে শৰ্মা, সাংবাদিকতা আৰু গণমাধ্যম বিভাগৰ মুৰব্বী অধ্যাপক অভিজিত বৰা,পৰীক্ষা নিয়ন্ত্ৰক ড° বীৰেণ দাস, বিদ্যায়তনিক পৰিক্ৰমাৰ মুৰব্বী অধ্যাপক ৰাজা ৰফিকুল হক, আন্তৰ্জাতিক পৰিক্ৰমাৰ সঞ্চালক অধ্যাপক শুভ্ৰাংকৰ সৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ জনসংযোগ বিষয়া সমৰেশ বৰ্মনকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে ভাৰতৰ উত্তৰ পূৱত অৱস্থিত তেজপুৰ বিশ্ববিদ্যালয় হৈছে উত্তৰ পূৰ্বাঞ্চলৰ উচ্চশিক্ষা আৰু গৱেষণাৰ অন্যতম প্ৰতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে আন্তঃশাখা গৱেষণা, সহযোগিতাৰ ওপৰত শক্তিশালী গুৰুত্ব আৰোপ কৰাৰ লগতে অতি সক্ৰিয়ভাৱে অত্যাধুনিক গৱেষণাত নিয়োজিত হৈ আছে। ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ অধ্যাপক, ডীন,গৱেষক আৰু ছাত্ৰছাত্ৰীসকলে উদ্ভাৱন কৰা একাধিক উদ্ভাৱনে অসমলৈ অনন্য গৌৰৱ কঢ়িয়াই আনিছে।
জানিব পৰা মতে বিশ্ববিদ্যালয়খনত প্ৰায় দুশ কোটি টকাৰে ৫৯২ টাৰ অধিক বিভিন্ন প্ৰকল্পৰ কাম চলাৰ লগতে ইয়াৰে ৩৭৮ টা সম্পুৰ্ণ হোৱাৰ বিপৰীতে ২০১ টাৰ কাম চলি আছে। একেদৰে সম্প্ৰতি চলি থকা ৩৯ টা বিভিন্ন আন্তৰ্জাতিক প্ৰকল্পৰ বাবে প্ৰায় ১৩৩২ লাখ টকাৰ অনুমোদন হৈছে।
প্ৰাপ্ত তথ্য মতে ফিনলেণ্ড,নটিংহাম বিশ্ববিদ্যালয়,ইউ কে,ফ্ৰান্স, ইউকেৰী, জাপান, ৰাছিয়া , ব্ৰাজিল, হাংগেৰী, ইটালী, বুলগেৰীয়া, গ্ৰীচ, ইউ এচ এ ,চুইদেন ,মালেছিয়া, ছিংগাপুৰ আৰু জাৰ্মানী আদি দেশৰ সহযোগীতাৰে বহু প্ৰকল্প চলি আছে। বৰ্তমান সময়ত এনে একাধিক সফল গৱেষণাৰে তেজপুৰ বিশ্ববিদ্যালয় বিশ্বত সগৌৰৱেৰে জিলিকি উঠিছে। এই মত-বিনিময় অনুষ্ঠানত আন কেইবাগৰাকীও সাংবাদিককো সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us