/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-20-59-15.jpg)
ডিজিটেল ডেস্কঃ আজি জ্যেষ্ঠ সাংবাদিক অমল গোস্বামীৰ ‘গুৱাহাটী, মোৰ সুখ মোৰ দুখ’গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট লেখক, সাংবাদিক তথা ‘দৈনিক জনমভূমি’কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয় যে- বহু সৃষ্টি সংৰক্ষণ কৰা নহয় ৷ সংৰক্ষণৰ অভাৱত বহুতৰে লেখাসমূহ লোপ পাই যায় ৷ কিন্তু কাকতত ৰিপৰ্টি: কৰি গুৰুত্বপূৰ্ণ লেখাসমূহ একত্ৰিত কৰি সংকলন আকাৰে প্ৰকাশ কৰা ‘গুৱাহাটী, মোৰ সুখ মোৰ দুখ’গ্ৰন্থখনে গুৱাহাটী সম্পৰ্কে মানুহক নতুনকৈ জনাৰ বাট মুকলি কৰি দিব ৷
উল্লেখযোগ্য যে, ‘দৈনিক জনমভূমি’ৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানটোত ফুকনে কয় যে- বহুতে উদ্দেশ্য প্ৰণোদিতভাৱে কিতাপ প্ৰকাশ কৰিম বুলি কাকতত লিখনি প্ৰকাশ কৰে, সম্পাদকীয় কিতাপ উলিয়াই সেইটো বেলেগ কথা ৷ কিন্তু ৰিপৰ্টিঙৰ কিতাপ হিচাপে যদি চাও মই ভাবো এইখন অসমৰ সাংবাদিকতাৰ প্ৰথম কিতাপ হ’ব পাৰে৷ বিভিন্ন সময়ত নিজৰ দায়িত্বৰ তাড়ণাত ৰিপৰ্টিঙৰ সময়ত তেওঁ বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল ৷ কিন্তু সেই তথ্যসমূহৰ মূল্য এগৰাকী সাংবাদিক হিচাপে উপলব্ধি কৰি তাক তেওঁ যি স্থায়ী ৰূপ দিলে সেইটো অসমৰ বাবে এক ডাঙৰ সম্পদ ৷
আনহাতে কিতাপখনত যি সকলৰ লেখা সন্নিবিষ্ট কৰা হৈছে সেইসকল গুৱাহাটীৰ ইতিহাস সম্পৰ্কত একো একোগৰাকী বিজ্ঞ, বিশেষজ্ঞ আছিল উল্লেখ কৰি কিতাপখন আকাৰত সৰু হ’লেও বিশেষজ্ঞসকলৰ লেখাৰে সমৃদ্ধ কিতাপখন পঢ়ি গুৱাহাটী সম্পৰ্কে মানুহেক নতুনকৈ বহু কথা জানিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2-2026-01-03-20-58-25.jpeg)
আন এগৰাকী উন্মোচক ‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ উপ সম্পাদক তথা বিশিষ্ট লেখক নিতুল চাংমায়ে গুৰুত্বপূৰ্ণ বিষয় এটা বিবেচনা কৰি এনে এখন কিতাপ প্ৰকাশ কৰাৰ বাবে সাংবাদিক অমল গোস্বামীক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰি এই কিতাপখনত যি সকলৰ লেখা সমৃদ্ধ হৈছে তেওঁলোকৰ লিখনিৰ পৰা পুৰণি গুৱাহাটী আৰু বৰ্তমানৰ গুৱাহাটীৰ সম্পৰ্কত জানিব পাৰি সকলো উপকৃত হ’ব বুলি মন্তব্য কৰে ৷ কিতাপখন উন্মোচন কৰি ‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক ধীৰুমণি গগৈয়ে কয় যে- যিকোনো এখন ঠাই বা অনুষ্ঠান সন্দৰ্ভত কফিটেবুল বুক প্ৰকাশ পায় ৷ সেইবোৰৰ দাম ৬,০০০-১০,০০০ টকা পৰ্যন্ত হয়৷ কিন্তু গুৱাহাটীখনৰ বিষয়ে জানিবলৈ ‘গুৱাহাটী মোৰ সুখ মোৰ দুখ’ গ্ৰন্থখনেই যথেষ্ট ৷ ৮০০০ টকীয়া গুৱাহাটী বিষয়ক গ্ৰন্থতকৈ একেবাৰে কম দামত উপলব্ধ এই কিতাপখনত বেছি গুৰুত্বপূৰ্ণ তথ্য আছে বুলিও তেওঁ কয় ৷
প্ৰণিধানযোগ্য যে- উন্মোচনী অনুষ্ঠানত কিতাপখনৰ সংকলক অমল গোস্বামীয়ে কিতাপখনৰ সন্দৰ্ভত তেওঁৰ বক্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় যে, সেয়া আছিল আজিৰ পৰা দুটা দশকৰ আগৰ কথা ৷ দৈনিক জনমভূমি কাকতে গুৱাহাটীৰ পাঠকৰ বাবে এখন পৰিপূৰিকা প্ৰকাশৰ সিদ্ধান্ত ল’লে ৷ দৈনিক প্ৰকাশ পাবলগীয়া চাৰি পৃষ্ঠাৰ এই পৰিপূৰিকা খনৰ দলটোৰ এজন সদস্য হিচাপে যোগদান কৰাৰ পাছতেই পৰিপুৰিকা খন কিদৰে সজোৱা হ’ব তাক লৈ আলোচনা চলিল ৷ সেই সময়ৰ সম্পাদক হেমন্ত বৰ্মনৰ পৰামৰ্শ মতে, গুৱাহাটীক লৈ মহানগৰীখনত বসবাস কৰা বিশিষ্ট লোকসকলৰ মনোভাৱ কি সেয়া প্ৰকাশৰ সিদ্ধান্ত লোৱা হ’ল ৷ সেই অনুসৰি বিশিষ্ট লোকসকললৈ লেখা বিচাৰি পত্ৰ প্ৰেৰণ কৰা হ’ল যদিও মাত্ৰ দুই এজন লোকেহে সঁহাৰি জনাই। শেষত ঠিক কৰে যে- আমি নিজেই বিশিষ্ট লোকসকলৰ ওচৰলৈ যাম, গুৱাহাটীক লৈ তেওঁলোকৰ মনৰ ভাৱ কি জানিবলৈ চেষ্টা কৰিম ৷ সেই অনুসৰি বহু কেইজন বিশিষ্ট লোকৰ সৈতে হোৱা কথা বতৰাৰ ফচল- ‘গুৱাহাটী, মোৰ সুখ মোৰ দুখ’৷
প্ৰায় দুটা দশকৰ পাছত, হেৰাই যোৱাৰ শংকাত প্ৰকাশিত উক্ত লেখাসমূহ একত্ৰিত কৰি প্ৰকাশৰ দিহা কৰা হ’ল যাতে ভবিষ্যতৰ প্ৰজন্মই পুৰণি গুৱাহাটীখনৰ কথা জানিব পাৰে৷ লক্ষ্যণীয়ভাৱে শৰৎ চন্দ সিংহ, গোলাপ বৰবৰা, শিৱপ্ৰসাদ বৰুৱা, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, পদ্ম বৰকটকী, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ৰাধিকা মোহন ভাগৱতী, শীলভদ্ৰ, তফজ্জ্বুল আলী, ড॰ নবীন চন্দ্ৰ শৰ্মা, ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, শুচিব্ৰতা ৰায়চৌধুৰী, উপেন্দ্ৰ নাথ শৰ্মা আৰু পুলিন চন্দ্ৰ দাসৰ লেখাৰে কিতাপখন সমৃদ্ধ হৈছে৷
অমল গোস্বামী, অসমৰ সংবাদ জগতখনৰ লগতে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে এটা চিনাকী নাম ৷ সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি তেওঁ বিশিষ্ট সাহিত্যিক ড॰ নগেন শইকীয়াই সম্পাদনা কৰা নতুন দৈনিক কাকতত সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে ৷ পৰৱৰ্তী কালত গোস্বামীয়ে ঐতিহ্যবহনকাৰী অসমীয়া কাকত ‘দৈনিক জনমভূমি’ত সাংবাদিক হিচাপে যোগদান কৰে ৷ ২০০৭ চনত দৈনিক জনমভূমিৰ দিল্লীৰ সাংবাদিক ৰূপে ৰাজধানী চহৰখনলৈ গৈ তেওঁ সুদীৰ্ঘ তেৰ বছৰ দিল্লীৰ পৰা সংবাদ সেৱা আগবঢ়ায়৷ সংবাদ সেৱাৰ বাবে কেইবাখনো বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰা গোস্বামীৰ ‘দিল্লী ডায়েৰী’নামৰ এখন গ্ৰন্থও ইতিমধ্যে প্ৰকাশ পাইছে ৷ প্ৰায় দুটা দশকৰো অধিক সময় সক্ৰিয় সাংবাদিকতাৰ অভিজ্ঞতাৰে পৰিপুষ্ট গোস্বামী সম্প্ৰতি দৈনিক জনমভূমিৰ গুৱাহাটীৰ কায্যালয়ত মুখ্য সাংবাদিক হিচাপে কৰ্মৰত হৈ আছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us