/asomiyapratidin/media/media_files/2025/11/10/182-2025-11-10-10-01-51.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : এইবাৰ ৰঙাঘৰৰ আলহী হ'ল নদুৱাৰ সমষ্টিৰ চৌকীঘাট গাঁও পঞ্চায়তৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী সংখ্যালঘু নেতা তথা দিঘলী চাপৰী নিৱাসী আলি আজগড় খান ৷ চৌকীঘাট গাঁও পঞ্চায়ত এলেকাত থকা এটি টাইলচ কোম্পানীৰ পৰা ইটা চুৰি কৰি লৈ গৈ নিজৰ ঘৰত মজুত কৰি থোৱা অৱস্থাত আলি আজগড় খানক হাতে লোটে ধৰে টাইলচ কোম্পানীৰ কৰ্মচাৰীয়ে ৷
পাচত কোম্পানীৰ এজাহাৰৰ ভিত্তিত দেওবাৰে নিশা আলি আজগড় খান নামৰ ইটা চোৰটোক জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ আলি আজগড় খানে ইয়াৰ পূৰ্বেও টাইলচ কোম্পানীটোৰ পৰা তেল চুৰি কৰি নিয়াৰো অভিযোগ কৰে কোম্পানীৰ কৰ্মচাৰীসকলে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us