চাউলৰ লগতে চেনি-নিমখ, দালিও এতিয়া সুলভ মূল্যত..

কেৱল চাউলেই নহয়, এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে সুলভ মূল্যত লাভ কৰিব চেনী, নিমখ আৰু মচুৰ দাইল। প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে প্ৰতিমাহে লাভ কৰিব ১কিলো চেনী, ১কিলো নিমখ আৰু ১কিলো মচুৰ দাইল। 

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ কেৱল চাউলেই নহয়, এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে সুলভ মূল্যত লাভ কৰিব চেনী, নিমখ আৰু মচুৰ দাইল। প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে প্ৰতিমাহে লাভ কৰিব ১কিলো চেনী, ১কিলো নিমখ আৰু ১কিলো মচুৰ দাইল। 

অহা ১০ নৱেম্বৰ, ২০২৫ৰ পৰা ৰাজ্যৰ কেইবালাখো পৰিয়ালে লাভ কৰিব এই সামগ্ৰী। ২০২৫ৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰতি কিলো চেনিত ৩৮টকা, প্ৰতি কিলো নিমখত ১০টকা আৰু প্ৰতি কিলো মচুৰ দাইলত ৬৯টকাকৈ লাভ কৰিব ৰাইজে। কিন্তু ২০২৬ৰ পৰা হ্ৰাস পাব এই সামগ্ৰী  তিনিবিধৰ মূল্য। 

২০২৬ৰ জানুৱাৰীৰ পৰা ১কিলো মচুৰ দাইলৰ দাম হব ৬০টকা, এক কিলো চেনিৰ দাম হব ৩০টকা আৰু ১কিলো নিমখৰ দাম পূৰ্বৰ ১০টকাত লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। উল্লেখ কৰা প্ৰয়োজন যে, এই তিনিওবিধ সামগ্ৰী বিশেষ ভাৱে তৈয়াৰী ১কিলোগ্ৰাম আকাৰৰ পেকেটত উপলদ্ধ হ'ব। 

প্ৰতিমাহৰ ১ৰ পৰা ১০তাৰিখৰ ভিতৰত ৰেচন কাৰ্ড থকা পৰিয়ালে চাউলৰ লগতে সংগ্ৰহ কৰিব লাগিব এই সামগ্ৰী। কিন্তু আৰম্ভণিৰ নৱেম্বৰ মাহত ১০ৰ পৰা ১৯তাৰিখৰ ভিতৰত সুলভ মূল্যৰ দোকানত উপলদ্ধ হ'ব এই সামগ্ৰীখিনি। 

অসম