/asomiyapratidin/media/media_files/2026/01/27/1-2026-01-27-16-51-55.jpg)
ডিজিটেল ডেস্কঃ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বৰপেটাৰ চেঙা সমষ্টিৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই ঘটনা। নাও ডুবি নিৰুদ্দেশ প্ৰায় ৭জনকৈ যাত্ৰী। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়ালৈকে এইসকলৰ কোনো লোকক উদ্ধাৰ কৰা হোৱা নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/27/whatsapp-image-2026-01-27-16-52-13.jpeg)
উল্লেখ্য যে, নাওখনত নিৰ্ধাৰিতকৈ অধিক যাত্ৰী কঢ়িওৱাৰ অভিযোগ উত্থাপিত হৈছে। একেদৰে নাৱৰীয়াৰ অসাৱধানতাৰ বাবেই এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হয় বুলি অভিযোগ স্থানীয় লোকৰ ৷ ইপিনে নাওখনত নাছিল এটাও লাইফ জেকেট। ইতিমধ্যে ঘটনাস্থলীত এছডিআৰএফ আৰু আৰক্ষী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us