আমেৰিকাৰ ছিনেটে নাকচ কৰিলে 'বাৰ পাৱাৰ্ছ ৰিজ'লিউশ্যন' বিল

মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ দামামা। প্ৰতিদিনাই ইজৰাইল-আমেৰিকাৰ ফালৰ পৰা আক্ৰমণ অধিক তীব্ৰতৰ হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
new ap web 11-

ডিজিটেল ডেস্কঃ মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ দামামা। প্ৰতিদিনাই ইজৰাইল-আমেৰিকাৰ ফালৰ পৰা আক্ৰমণ অধিক তীব্ৰতৰ হৈ উঠিছে। আজি ষষ্ঠ দিনটোতো অব্যাহত আছে মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা। মিছাইল আৰু ড্ৰ’নৰে কৰা আক্ৰমণ ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে।

এই যুদ্ধৰ অন্ত পেলোৱাৰ বাবে উত্থাপিত 'ৱাৰ পাৱাৰ্ছ ৰিজ'লিউশ্যন' বিল খাৰিজ। আমেৰিকাৰ ছিনেটে নাকচ কৰেিলে 'বাৰ পাৱাৰ্ছ ৰিজ'লিউশ্যন' বিল। ইপিনে যুদ্ধ শাম কটোৱাৰ লক্ষ্যৰে আমেৰিকাৰ ছিনেটত উত্থাপন হৈছিল এই বিলখন। 

উল্লেখ্য যে, এই বিল পাছ হ'লে ট্রাম্পে ল'ব লাগিব মার্কিন কংগ্ৰেছৰ মতামত। ইৰানৰ বিৰুদ্ধে হোৱা প্ৰতিটো আক্ৰমণৰ বাবে মতামত ল'ব লাগিব কংগ্ৰেছৰ। আনপিনেবিলৰ সপক্ষে আৰু বিপক্ষে আমেৰিকান সংসদত হৈছিল ভোটদান।ন্যূনতম ভোটৰ বাবে খাৰিজ বাৰ পাৱাৰ্ছ ৰিজ'লিউশ্যন বিল। এই বিল খাৰিজ হোৱা বাবে পুনৰবাৰ বিজয় সাব্যস্ত কৰিছে ট্রাম্পে।

image (58)

ড'নাল্ড ট্ৰাম্প