/asomiyapratidin/media/media_files/2025/11/26/2-2025-11-26-16-38-47.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ আজিৰ শিক্ষাৰ্থী কাইলৈ দেশৰ ভৱিষ্যত। এগৰাকী ছাত্ৰৰ চৰিত্র গঠনত প্ৰতিখন বিদ্যালয়ৰ থাকে গুৰুত্বপূৰ্ণ ভূমিকা। সমাজৰ কোনো অপশক্তিয়ে যাতে কোনো এগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰিব নোৱাৰে তাৰ বাবে সজাগতা মূলক পদক্ষেপ গ্ৰহণ কৰাটো সাম্প্ৰতিক সময়ৰ বাবে হৈ পৰিছে যথেষ্ট গুৰুত্বপূৰ্ণ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-imag-2025-11-26-16-33-21.jpeg)
উল্লেখ্য যে বিশেষকৈ শৈক্ষিক প্ৰতিষ্ঠানৰ আশে-পাশে ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰাতো সমাজ ব্যৱস্থাৰ বাবে অতি ভয়াবহ বিষয় হৈ পৰিছে। গহপুৰ সমজিলাৰ গহপুৰ আৰক্ষী থানা আৰু হেলেম আৰক্ষী থানাৰ এলেকাধীন একাধিক শৈক্ষিক প্ৰতিষ্ঠানৰ আশে-পাশে নিতৌ গঢ় লৈ উঠিছে চাধা,চিগাৰেটৰ দৰে ধপাতজাতীয় সামগ্ৰীৰ বিক্ৰীৰ প্ৰতিষ্ঠান। ইয়াৰ ফলত গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ একাংশ কম বয়সীয়া ছাত্র-ছাত্ৰীয়ে চিগাৰেটৰ প্ৰতি আসক্তি বৃদ্ধি পোৱা বিষয়টোৱে চিন্তিত কৰি তুলিছে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক-অভিভাৱিকা সকলক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-imag-2025-11-26-16-33-45.jpeg)
তাৰোপৰি বিক্ৰেতা সকলে ধন ঘটাৰ মোহত কম বয়সীয়া একাংশ ছাত্ৰ-ছাত্ৰী হাতত চিগাৰেট তুলি দি সমাজত বিষবাষ্প বিয়পাই অহা পৰিলক্ষিত হৈছে।বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে বিদ্যালয়ৰ আশে-পাশে থকা দোকান সমূহত ধপাতজাতীয় সামগ্ৰীৰ বিক্ৰী চলি থকা বিষয়টো গহপুৰ সমজিলাত এক সামাজিক ব্যাধিলৈ পৰিণত হোৱাৰ সময়তে বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলে ইয়াৰ বিৰুদ্ধে গ্ৰহণ কৰিছে সজাগতামূলক কাৰ্যসূচী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/image-26-2025-11-26-16-35-08.png)
আনফালে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক যাদৱ চলিহাৰ বিশেষ তৎপৰতাত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ জৰিয়তে আজিৰে পৰা বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলক ইয়াৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰি তোলাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ধপাতজাতীয় সামগ্ৰী কিম্বা মাদক দ্ৰব্যৰ ব্যৱহাৰে কেনেদৰে নিজৰ জীৱনলৈ ধ্বংস মাতি আনিব পাৰে সেই বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লগতে ১৮ বছৰ বয়সৰ তলৰ যিকোনো লোকক চাধা-চিগাৰেট, মাদক দ্ৰব্য বিক্ৰী কৰাতো যে আইনমতে অপৰাধ সেই বিষয়েও পৰিচালন সঞ্চালকগৰাকীয়ে বাখ্যা আগবঢ়াই সংশ্লিষ্ট সকলক সতৰ্ক কৰি দিছে। ইপিনে গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা এনেধৰণৰ সমাজবিৰোধী কাৰ্য্যৰ বিৰূদ্ধে প্ৰশাসনৰ কঠোৰ পদক্ষেপ কামনা কৰিছে বৌদ্ধিক মহলে।অন্যথা উঠি অহা প্ৰজন্মৰ এটা চাম যে ধ্বংসৰ মুখলৈ গতি কৰিব সেয়া নিশ্চিত বুলি মন্তব্য কৰিছে বৌদ্ধিক মহলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us