/asomiyapratidin/media/media_files/2025/12/29/550-2025-12-29-23-10-15.jpg)
ডিজিটেল সংবাদ, বোকাখাত : কাৰ্বি আংলং পাহাৰত অবাধ গতিত চলিছে বন মাফিয়াৰ দপদপনি । নিদ্ৰামগ্ন কাৰ্বি আংলং বনবিভাগ। কাৰ্বি আংলং পাহাৰৰ পৰা প্ৰায় প্ৰতিদিনে বন মাফিয়াই চোৰাংভাৱে বিভিন্ন উপ পথেৰে বলেৰ পিকআপ আদি গাড়ীৰে কাঠ বোজাই কৰি ৭১৫ নং ৰাষ্ট্ৰীয় পথেৰে যোৰহাট গোলাঘাট আদিলৈ প্ৰেৰণ কৰি আহিছে।
দেওবাৰে সন্ধিয়া বোকাখাত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ তালাচীত বোকাখাত নগৰৰ মাজমজিয়াৰ সত্যনাৰায়ণ সেৱা সদনৰ সমীপৰ ৭১৫ নং ৰাষ্ট্ৰীয় পথত মূল্যৱান কাঠভৰ্তি দুখন ব'লেৰ' গাড়ী জব্দ কৰাৰ লগতে দুজন চালকসহ মুঠ ৩ জনক আটক কৰে। গোপন সূত্ৰৰ পমখেদি বোকাখাত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনকৰ্মীসকলে তালাচী আৰম্ভ কৰে।
জব্দকৃত ব'লেৰ' দুখনে কাৰ্বি পাহাৰৰ পৰা কাঠ কঢ়িয়াই বোকাখাতৰ মাজেৰে যোৰহাটলৈ নিবলৈ অপচেষ্টা কৰোঁতেই বন বিভাগৰ হাতত ধৰা পৰে। ব’লেৰ দুখনৰ এখনৰ নম্বৰ এ এচ ০৩ চি চি ০২৬০ আনখন নম্বৰ প্লেট বিহীনভাৱে চোৰাং কাঠ বোজাই কৰি আনিছিল। উল্লেখ্য যে, বাতৰি লিখা সময়লৈকে কাঠখিনিৰ মূল্য কিমান হ'ব নিৰ্ধাৰণ হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us