শিলচৰত ৪.৭ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য় জব্দ

এজন লোকৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে এখন বক্স পালেঙৰ পৰা হেৰ'ইন ভৰ্তি ৮৫ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে। বাকচকেইটাৰ পৰা মুঠ ৯৪৭ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়

author-image
Asomiya Pratidin
New Update
24

ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। শিলচৰৰ মেহেৰপুৰ 
MHC Lane ত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে।

এজন লোকৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে এখন বক্স পালেঙৰ পৰা হেৰ'ইন ভৰ্তি ৮৫ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে। বাকচকেইটাৰ পৰা মুঠ ৯৪৭ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়।

জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৪.৭ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। ড্ৰাগছৰ সৈতে শ্ৰীভুমি পাথাৰকান্দিৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই বুজন পৰিমাণৰ হেৰ'ইন খিনি ক'ৰ পৰা অনা হৈছিল আৰু কাৰ ওচৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰা হৈছিল তাৰ তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। 

শিলচৰ