চিজোচাৰ বৰদিকৰাই নদীৰ পাৰত বনভোজপ্ৰেমীৰ ভিৰ

অপৰূপ সৌন্দৰ্য্যৰে ভৰপুৰ চিজোচালৈ প্ৰতিটো বৰ্ষতে হেজাৰ হেজাৰ বনভোজ প্ৰেমীৰ  সমাগম ঘটা পৰিলক্ষিত হয় ৷ ইয়াৰ নৈসৰ্গিক পৰিৱেশৰ মাজত তৃপ্তিৰে এসাজ বনভোজ খাই আনন্দত আত্মহাৰা হ'বলৈ অজশ্ৰ বনভোজ দলৰ আগমন ঘটা পৰিলক্ষিত হৈছে ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-10 at 12.44.24 PM

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  সৈন্দৰ্য্যৰাণী চিজোচাই যেন হাত বাউলি মাতিছে সকলোকে৷ নৱবৰ্ষ আদৰনী জনাবৰ বাবেই অহা ডেকা গাভৰু আনকি আদহীয়া লোকেও আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয়। সকলোৱে একেলগে নাচি বাগি মতলিয়া হয় বৰদিকৰাই নদীৰ পাৰৰ মনোৰম দৃশ্যৰ মাজত৷ ৰাজ্যখনৰ ভিতৰতে বনভোজৰ অনন্য স্থান হৈছে অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তি চিজোচা। 

এই অপৰূপ সৌন্দৰ্য্যৰে ভৰপুৰ চিজোচালৈ প্ৰতিটো বৰ্ষতে হেজাৰ হেজাৰ বনভোজ প্ৰেমীৰ  সমাগম ঘটা পৰিলক্ষিত হয়৷ ইয়াৰ নৈসৰ্গিক পৰিৱেশৰ মাজত তৃপ্তিৰে এসাজ বনভোজ খাই আনন্দত আত্মহাৰা হ'বলৈ দুৰ দৰনীৰ পৰা অজশ্ৰ বনভোজ দলৰ আগমন ঘটা পৰিলক্ষিত হৈছে৷ জামুগুৰিহাটৰ সমীপৰ অৰুনাচল সীমান্তৰ চিজোচাৰ বৰদিকাই নদীৰ ওপৰত সংস্থাপন কৰা বৃহৎ জলসিঞ্চন প্ৰকল্পৰ কাষৰ এই বনভোজ স্থলীত প্ৰতি বছৰেই ভিৰ কৰে শ শ বনভোজ দলে। 

উল্লেখ্য যে,বনভোজৰ দলৰ লগতে সুদুৰ লক্ষীমপুৰৰ পৰাও আহিল এটি ছাত্ৰ-ছাত্ৰীৰ এটা দল৷ ক্ষেত্ৰ অধ্যয়নৰ বাবে অহা এই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে বৰদিকৰাই  নদী খনৰ সিপাৰৰ নামেৰী টাইগাৰ ৰিজাৰ্ভত থকা এখন বাটাৰফ্লাই পাৰ্কত বিভিন্ন প্ৰজাতিৰ ৰংবিৰঙৰ পখিলাৰ সৌন্দৰ্য্য উপভোগ কৰি এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে। 

জামুগুৰিহাট চিজোচাৰ বৰদিকৰাই