/asomiyapratidin/media/media_files/2025/09/10/ujjjd-2025-09-10-09-46-33.jpg)
ডিজিটেল ডেস্কঃ নৱপ্ৰজন্মৰ প্ৰতিবাদত অচল, অশান্ত নেপালক লৈ এতিয়া চিন্তিত বিশ্ব। ইতিমধ্যে জ্বলি ছাৰখাৰ হৈছে নেপালৰ সংসদ ভৱন, প্ৰধানমন্ত্ৰী কাৰ্যালয়কে ধৰি প্ৰায়বোৰ চৰকাৰী অফিচ-কাছাৰী। ক্ষোভৰ অগনিত জ্বলি থকা নেপালৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেপাল সেনা প্ৰধানে প্ৰতিবাদকাৰীক বিশেষ আহ্বানৰ লগতে সৰ্তকবাণী প্ৰদান কৰিছে।
সেনা প্ৰধান অশোক ৰাজ চিগডেলে প্ৰতিবাদকাৰীসকলক শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ আহ্বান জনাইছে। লগতে সকলোকে সৰ্তকতা প্ৰদান কৰিছে যে, নিয়ম উলংঘা কৰা প্ৰতিবাদকাৰীক দমন কৰিবলৈ নিয়োগ কৰা হৈছে সেনাবাহিনী। অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত সেনাবাহিনীয়ে প্ৰতিবাদকাৰীসকলক অতি কঠোৰভাৱে দমন কৰিব বুলিও পৰোক্ষভাৱে ইংগিত প্ৰদান কৰিছে সেনা প্ৰধান গৰাকীয়ে।
যোৱা মঙলবাবে সেনা প্ৰধান গৰাকীয়ে এক ভিডিঅ বাৰ্তাত কয় যে, নেপালৰ বহু ক্ষতি হৈছে। ৰাজহুৱা সা-সম্পত্তিকে ধৰি জনগনৰ বহু ক্ষতি হোৱা আমি প্ৰত্যক্ষ কৰিছো। শান্তি, নিৰাপত্তা আৰু সম্প্ৰীতি বজাই ৰখাতো আমাৰ কৰ্তব্য। আমি এই কৰ্তব্য সকলো বাধা নেওঁচি পালন কৰিবলৈ সাজু।
সেনাপ্ৰধানগৰাকীয়ে আলোচনাৰ মাধ্যমৰে এই সকলো সমস্যা সমাধানৰ বাট বিচাৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, দেশৰ উন্নয়ন, জাতীয় ঐতিহ্যৰ কথাক প্ৰাধান্য দি শান্তিপূৰ্ণ প্ৰতিবাদেৰে সমাধান কৰক সকলো। উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে নিশাৰ ১০বজাৰ পৰা নেপালৰ সকলো গুৰুত্বপূৰ্ণ স্থানত সেনাবাহিনী নিয়োগ কৰা হৈছে। মুঠৰ ওপৰত নেপালত আৰম্ভ হোৱা নৱপ্ৰজন্মৰ প্ৰতিবাদক এতিয়া দমন কৰিব সেনাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us