তিৰুমালা মন্দিৰত নিৰাপত্তা বৃদ্ধি...

 নিৰাপত্তা উন্নীতকৰণৰ অংশ হিচাপে অক্টোপাছ (সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ সংস্থা)ৰ সহযোগত সুৰক্ষা আৰু মক ড্ৰিল চলোৱা হৈছে, আৰু নিৰন্তৰ নিৰাপত্তা পৰীক্ষা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
vnv

ডিজিটেল ডেস্কঃ   ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)য়ে তিৰুপতি মন্দিৰৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। টিটিডিৰ ভাৰপ্ৰাপ্ত মুখ্য ভিজিলেন্স আৰু নিৰাপত্তা বিষয়া (চিভিএছঅ’) হৰ্ষবৰ্ধন ৰাজুৱে জনোৱা মতে, শেহতীয়াকৈ জিলা আৰক্ষী অধীক্ষকৰ সৈতে হোৱা এক পৰ্যালোচনা বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে তিৰুপতি মন্দিৰত নিৰাপত্তা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাজুৱে পিটিআইক কয়, কিছুদিন পূৰ্বে আমাৰ মুখ্যমন্ত্ৰীয়ে সকলো আৰক্ষী অধীক্ষকৰ সৈতে পৰ্যালোচনা কৰিছিল আৰু বিশেষভাৱে আঙুলিয়াই দিয়া হৈছিল যে টিটিডিত নিৰাপত্তা শক্তিশালী কৰিব লাগিব।নিৰাপত্তা উন্নীতকৰণৰ অংশ হিচাপে অক্টোপাছ (সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ সংস্থা)ৰ সহযোগত সুৰক্ষা আৰু মক ড্ৰিল চলোৱা হৈছে, আৰু নিৰন্তৰ নিৰাপত্তা পৰীক্ষা কৰা হৈছে।

উল্লেখ্য যে,তিৰুমালাত নিৰাপত্তা প্ৰদানৰ দায়িত্বত থকা অক্টোপাছ ৰ লগতে অন্যান্য নিৰাপত্তাৰক্ষীয়ে দিনটোৰ পিছত মন্দিৰৰ চাৰিওফালে পৰীক্ষা চলাব। তিৰুপতি চহৰৰ লগতে মন্দিৰলৈ যোৱা ৰাস্তা-ঘাটতো নিৰাপত্তা কটকটীয়া কৰা হৈছে। নিৰাপত্তাৰক্ষীয়ে তিৰুপতিৰ পৰা পাহাৰীয়া মন্দিৰলৈ যোৱা সকলো যান-বাহন আৰু ভক্তৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰিছে।

তিৰুমালা মন্দিৰ