খেৰণিত নিয়ন্ত্ৰণাধীন পৰিস্থিতিঃ কূটাঘাতৰ আশংকাত সষ্টম নিৰাপত্তা বাহিনী

অপ্ৰীতিকৰ পৰিস্থিতি বা কূটাঘাতমূলক কাৰ্য যাতে সংঘটিত হ’বলৈ নোৱাৰে, তাৰ বাবে খেৰণি আৰু ইয়াৰ আশে-পাশে থকা স্পৰ্শকাতৰ এলেকাসমূহত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ তহল বৃদ্ধি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
new ap web 1 (35)

ডিজিটেল ডেস্কঃ  আজি পুৱাৰ ভাগত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি শান্ত আৰু নিয়ন্ত্ৰণত থকা বুলি জানিব পৰা গৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা কূটাঘাতমূলক কাৰ্য যাতে সংঘটিত হ’বলৈ নোৱাৰে, তাৰ বাবে খেৰণি আৰু ইয়াৰ আশে-পাশে থকা স্পৰ্শকাতৰ এলেকাসমূহত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ তহল বৃদ্ধি কৰা হৈছে।

অঞ্চলটোত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে, অঞ্চলটোলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ সকলো পক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে।

মুখ্যমন্ত্রীয়ে কয়, তেওঁ এই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি আছে। এই অশান্ত পৰিস্থিতিত দুজন লোকৰ প্ৰাণহানিৰ ঘটনাত মুখ্যমন্ত্রীয়ে উদ্বেগ প্রকাশ কৰে। তেওঁ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং জিলাখনত বাহৰ পাতি থাকি অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

উল্লেখ্য যে, খেৰণিৰ সমীপৰ থেলামপিত আন্দোলনকাৰী পক্ষৰ বহুলোক লোক সমবেত হৈছিল আৰু তেওঁলোকে ডংকামোকামলৈ বুলি শোভাযাত্রা উলিয়াই কপিলী দলঙৰ ওচৰ পাইছিল। আৰক্ষীয়ে সমদলকাৰীসকলক খেদি পঠিয়াবলৈ চেষ্টা চলাইছিল। 

আনহাতে, কপিলী দলঙৰ আনটো পাৰত আন্দোলন বিৰোধী পক্ষৰ একাংশ লোকে অৱস্থান কৰি আছিল। আৰক্ষীয়ে এই দলটোক তাৰ পৰা আঁতৰাই পঠিয়াই যদিও আন্দোলনকাৰী পক্ষই আৰক্ষীৰ বাধা নিষেধ নেওচি বাৰে বাৰে সমবেত হৈছিল। 

প্ৰতিবাদকাৰীৰ একাংশই আৰক্ষীলৈ শিলগুটি দলিয়াই আৰু লাঠি আৰু অন্য অস্ত্ৰৰে আক্ৰমণ চলাইছিল। এই আক্ৰমণত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান অখিলেশ সিঙৰ লগতে কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱান আহত হৈছিল। 

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্রথমে লাঠি চালনা আৰু পাছত গুলীচালনা কৰিবলগীয়া হৈছিল। ইয়াৰ ফলত ছিংথি টিমুং নামৰ এজন লোক আহত হয় আৰু পাছত তেওঁৰ হাস্পতালত মৃত্যু হৈছিল। তদুপৰি প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰাৰ ফলত এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত অগ্নিদগ্ধ হৈ সুৰয দে' নামৰ যুৱক এজনৰ মৃত্যু হৈছিল।

পশ্চিম কাৰ্বি আংলং