/asomiyapratidin/media/media_files/2025/12/12/464-2025-12-12-13-24-40.jpg)
ডিজিটেল ডেস্ক : বহু সাধাৰণ মানুহে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থাৰ কথা জানিলে আচৰিত নহৈ নোৱাৰিব। এটা, দুটা নহয় ৫তৰপতীয়া সুৰক্ষা বেহুৰে সুসজ্জিত হৈহে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে অন্য ঠাইলৈ যাত্ৰা কৰে।
তেওঁৰ নিৰাপত্তাৰ বাবে থাকে এক শক্তিশালী নিৰাপত্তাৰক্ষীৰ দল। ৫বছৰ প্ৰশিক্ষণপ্ৰাপ্ত তেওঁৰ নিৰাপত্তা তথা সুৰক্ষাৰ দায়িত্বত থকা লোকসকল।
আন আন যোগ্যতাৰ উপৰিও তেওঁলোক সুঠাম চেহেৰা, শক্তিশালী অৱয়ৱ, প্ৰচুৰ মেধা, বিনয়ী, তীক্ষ বুদ্ধিমত্তাৰ লগতে অনাকাঙ্খিত পৰিস্থিতি চম্ভালি ল’ব পৰা ব্যক্তিৰ অধিকাৰী হ’লেহে ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাৰ দায়িত্ব দিয়া হয়। সম্প্ৰতি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰাপত্তাৰ দায়িত্ব থকা সংস্থাটি হৈছে প্ৰেচিডেণ্টেল ছিকিউৰিটী চাৰ্ভিছ চমুকৈ( এছ বি পি)।
এই সংস্থাটিৰ অধীনত থকা নিৰাপত্তাৰক্ষীসকলেহে পুটিনৰ সুৰক্ষাৰ দায়িত্ব ল’ব পাৰে। যেতিয়া পুটিনে অন্য দেশ নাইবা চৰকাৰী ভ্ৰমণৰ বাবে বেলেগে ঠাইলৈ যাত্ৰা কৰে, তেতিয়া তেওঁৰ এই নিৰাপত্তা বাহিনীয়ে পুটিন উপস্থিত হোৱাৰ পূৰ্বেই সেই ঠাই বা দেশখনৰ পৰিস্থিতিৰ বুজ লয়।
ৰাষ্ট্ৰপতিগৰাকী ক’ত থাকিব, ক’ত অৱতৰণ কৰিব তেওঁৰ বিমান- এই সকলোবোৰ দিশ তন্ন তন্নকৈ পৰীক্ষা কৰে দলটোৱে। পুটিনে গ্ৰহণ নকৰে অন্য দেশৰ খাদ্য। পুটিনৰ বাবে সুকীয়াকৈ লগত লৈ যোৱা হয় ৰান্ধনী তথা সহায়কাৰীৰ দল। তেওঁলোকে ৰন্ধা খাদ্যহে গ্ৰহণ কৰে পুটিনে।
তাৰোপৰি পুটিন য’লৈ যায়, তাতেই তেওঁৰ বাবে এখন বিশেষ বাহন ৰাছিয়াৰ পৰা বিমানযোগে লৈ যোৱা হয়। বিমানৰ পৰা নামিয়েই তেওঁ সেই নিৰ্দিষ্ট বাহনখনতহে যাত্ৰা কৰে। এই বাহনখনত থাকে জৰুৰীকালিন অক্সিজেন সেৱাৰ উপৰি আন আন সা- সুবিধা।
একেদৰে পুটিনে যাত্ৰা কৰা বিমানখনৰো আছে কেতবোৰ বিশেষ বিশেষ সুবিধা। পুটিনে Illyushin II- 96- 300 PU বিমানৰ বাহিৰে অন্য বিমানত কেতিয়া যাত্ৰা নকৰে। এই বিমানখনতে সজ্জিত হৈ থাকে পৰামাণু বোমাৰ মূল চাবিকাঠি।
তাৰোপৰি পুটিনে বিমানেৰে যাত্ৰা কৰাৰ একে সময়তে একেলগে সোঁৱে- বাঁওৱে আৰু আগে- পাছে একেই পথেৰে ৫খন Illyushin II- 96- 300 PU বিমান উৰি থাকে। ইয়াৰ কাৰণ হৈছে- কোনো শত্ৰু ৰাষ্ট্ৰই যাতে গম নাপাই, পুটিনে কোনখন বিমানত যাত্ৰা কৰি আছে।
ৰাষ্ট্ৰপতি পুটিন যেতিয়া এখন বিদেশী ৰাষ্ট্ৰলৈ যাত্ৰা কৰে বা নিশা কটাই তাত মল- মূত্ৰ ত্যাগ কৰে, তেতিয়া তেওঁৰ সেই মল-মূত্ৰ বেগত ভৰাই লৈ আনে সুৰক্ষা বাহিনীয়ে। কিয়নো পুটিনে ত্যাগ কৰা সেই মল- মূত্ৰৰ পৰীক্ষা দ্বাৰা যাতে ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ কথা অইন ৰাষ্ট্ৰই গম নাপায়।
ৰাষ্ট্ৰপতি পুটিনৰ বাবে নিয়োগ কৰা হয় ৫তৰপীয়া নিৰাপত্তা ব্যৱস্থা। এই সকলো নিৰাপত্তা আৰু সুৰক্ষা বেহুৰ মাজেৰেহে সৌ সিদিনা ভাৰত ভ্ৰমণ কৰিছিল পুটিনে।
ইয়াৰ মাজতে এটা কথা ৰাছিয়াৰ শত্ৰু ৰাষ্ট্ৰ ইউক্ৰেইনে দাবী কৰে যে, পুটিনৰ আছে দ্বৈত শৰীৰ। যাতে কোনজন আচল পুটিন, কোনজন নকল পুটিন কোনোও যাতে ধৰিব নোৱাৰে। তাৰ বাবে পুটিনৰূপী ২জনৰো অধিক লোকক পুটিনৰ দৰে আচৰণ, মুখাৱয়ৱৰে প্ৰশিক্ষণ দিয়াৰ কথা দাবী কৰে ইউক্ৰেইনে। পুটিনে কেনেদৰৈ কথা কয়, তেওঁৰ চাল- চলন, অংগী- ভংগী আদি সকলো পুটিনৰ দৰে এই পুটিনৰূপী লোকৰ। এয়া অৱশ্যে কিমান দূৰ সঁচা সেয়া গম পোৱা নাযায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us