/asomiyapratidin/media/media_files/2026/03/05/whatsapp-imag-2026-03-05-10-16-39.jpeg)
ডিজিটেল ডেস্কঃ আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে। মধ্যপ্ৰাচ্যত ষষ্ঠ দিনটোতো বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰানে আজি পুৱা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ ইফালে আমেৰিকাৰ এখন ছাবমেৰিনে ইৰানৰ এখন যুদ্ধজাহাজ ধ্বংস কৰাৰ বিপৰীতে ইৰানে সমগ্ৰ অঞ্চলটোৰ সামৰিক আৰু অৰ্থনৈতিক আন্তঃগাঁথনি ধ্বংস কৰাৰ ভাবুকি প্ৰদান কৰে।
এই যুদ্ধৰ মাজতে দোহাত থকা ভাৰতীয় দূতাবাসে কাটাৰত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে এক নতুন পৰামৰ্শ জাৰি কৰে। ইপিনে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা সুৰক্ষাৰ নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হয়।
বুধবাৰে দোহাত থকা ভাৰতৰ দূতাবাসে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰে যে- বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু কাটাৰ ৰাজ্যৰ স্বৰাজ মন্ত্ৰালয়ে জাৰি কৰা ৰাজহুৱা জাননী অনুসৰি কাটাৰত থকা সকলো ভাৰতীয় নাগৰিকক কাটাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰি কৰা সুৰক্ষাৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ। ঘৰৰ ভিতৰতে থাকিব লাগে আৰু অপ্ৰয়োজনীয় গতিবিধি এৰাই চলিব লাগে । অতি প্ৰয়োজনীয় সময়তহে বাহিৰলৈ ওলাই যোৱাৰ কথা কৈছে। খিৰিকী, বেলকনি আৰু মুকলি ঠাইৰ পৰা আঁতৰি থাকিবলৈ কৈছে সকলোকে। লগতে আপডেটৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিব সকলোকে আহ্বান জনাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/05/whatsapp-ima-2026-03-05-10-10-48.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us