জুবিন গাৰ্গ হত্যাৰ আজি দ্বিতীয় শুনানি...

আজি হ’ব লগা দ্বিতীয় শুনানিত ৭ অভিযুক্তক ভাৰ্চুৱেলী হাজিৰ কৰোৱা হ’ব। ইতিমধ্যে আদালতত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ।

author-image
Asomiya Pratidin
New Update
new ap web 1 (38)
  • জুবিন গাৰ্গ হত্যাৰ আজি দ্বিতীয় শুনানি।
  • প্ৰথমটো শুনানি সম্পন্ন হৈছিল চি জে এম কৰ্টত।
  • আজি হ’ব লগা দ্বিতীয় শুনানিত ৭ অভিযুক্তক ভাৰ্চুৱেলী হাজিৰ কৰোৱা হ’ব।
  • ইতিমধ্যে আদালতত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ।
  • লগতে উপস্থিত হৈছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ।
  • সত্ৰ ন্যায়াধীশ আদালতত চলিব শুনানি পৰ্ব।
  • আদালতত উপস্থিত হৈছে অভিযুক্ত অমৃতপ্ৰভাৰ অধিবক্তা আনন্দ কুমাৰ ভূঞা।
  • সম্প্ৰতি হাফলং কাৰাগাৰত বন্দী হৈ আছে অমৃতপ্ৰভা আৰু শেখৰজ্যোতি গোস্বামী।
  • একেদৰে বাক্সাৰ কাৰাগাৰত আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গ।
  • উল্লেখিত এই আটাইকেইগৰাকী অভিযুক্তক আজি ভাৰ্চুৱেলী গ্ৰহণ কৰা হ’ব শুনানি।
জুবিন গাৰ্গ