/asomiyapratidin/media/media_files/2025/10/24/1-2025-10-24-12-51-28.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ চি আই ডিৰ মুৰব্বী তথা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই আজি এখন সংবাদমেল সম্বোধন কৰে। ছিংগাপুৰৰ পৰা উভতি অহা পাছতে সংবাদমেল দি কেতবোৰ তথ্য প্ৰকাশ কৰে মুন্না প্ৰসাদ গুপ্তাই।
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ গৈছিল SITৰ দুগৰাকী বিষয়া
- ২১ অক্টোবৰত ছিংগাপুৰৰ আৰক্ষীৰ ৫জনীয়া দলৰ সৈতে বৈঠক
- তদন্তৰ বিভিন্ন তথ্য বিনিময় উক্ত বৈঠকত
- ছিংগাপুৰ আৰক্ষীৰে বৈঠক সফল হৈছিল
- ছিংগাপুৰৰ মৰোণত্তৰ পৰীক্ষাৰ প্রতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে অৰ্পণ কৰে
- ছিংগাপুৰে আইনী সহায় প্রদান কৰিব বুলি প্রতিশ্রুতি প্রদান কৰিছে
- ছিংগাপুৰৰ ঘটনাস্থলী পৰিদৰ্শন কৰে SITৰ দুই বিষয়াই
- তদন্তত সহায়ক হোৱা বহু গুৰুত্বপূৰ্ণ তথ্য লাভ SITৰ
- ১০ দিনৰ ভিতৰত CCTV ফুটেজ লাভ কৰিব SIT-এ
- ১০ দিনৰ ভিতৰত ঘটনাত উপস্থিত থকা সকলৰ ভাষ্য প্রেৰণৰ ব্যৱস্থা কৰিব
- ছিংগাপুৰ আৰক্ষীয়েহে গ্রহণ কৰিব দেশখনৰ নাগৰিকৰ ভাষ্য
- ৯০ দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে নিজা প্রতিবেদন দাখিল কৰিব
- পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ আদালতৰ জৰিয়তে কৰিব ছিংগাপুৰ আৰক্ষীয়ে
- জুবিনৰ দুই PSOৰ একাউণ্টত বুজন পৰিমাণৰ ধন পোৱা গৈছে
- আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত তদন্ত চলি আছে দুয়োৰে বিৰুদ্ধে
উল্লেখ্য যে, ২০ অক্টোবৰত ছিংগাপুৰলৈ গৈছিল মুন্না প্ৰসাদ গুপ্তা আৰু IPS তৰুণ গোৱেল। বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হয় এছ আই টিৰ দুজনীয়া দলটো।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us