ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰীসকলক প্ৰজ্ঞাভাৰতী আঁচনিৰ অধীনত স্কুটী দিয়াৰ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। সেই অনুসৰি প্ৰথম বিভাগত উৰ্ত্তীণ ছাত্ৰীসকলে স্কুটীৰ বাবে আবেদন কৰিছিল। কিন্তু বিনামূলীয়া এই স্কুটী প্ৰদানত কিছু বেমেজালি হোৱা পৰিলক্ষিত হৈছে।
অনলাইনযোগে আবেদন কৰিও সংশ্লিষ্ট শ্বো ৰূমত যোগাযোগ কৰি তালিকাত কেইবাগৰাকীও মেধাৱী ছাত্ৰীৰ নাম নহাত তেওঁলোকৰ বিমোৰত পৰিছে। যোগাযোগৰ সঠিক ব্যৱস্থা নথকাৰ বাবেই এই আঁচনিৰ জৰিয়তে বিনামূলীয়া স্কুটী লাভৰ পৰা বঞ্চিত হোৱাৰ আশাংকাত ভাগি পৰিছে কেইবাগৰাকীও মেধাৱী ছাত্ৰী।
নিৰ্ধাৰিত সময় অনুসৰি অনলাইন যোগে আবেদন কৰি তালিকাত নাম নহাত আচৰিত হৈছে মেধাৱী ছাত্ৰীসকলক। সংশ্লিষ্ট বিভাগক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন কৰিছে মেধাৱী ছাত্ৰীসকলে।