/asomiyapratidin/media/media_files/2026/01/10/whatsapp-i-2026-01-10-17-41-04.jpeg)
ডিজিটেল ডেস্কঃ সংগীতপ্ৰেমীসকলৰ বাবে এক সু-খবৰ। বিশ্বৰ অন্যতম কিংবদন্তি জাৰ্মান ৰক বেণ্ড 'স্কৰ্পিয়ন্স' ২০২৬ চনৰ এপ্ৰিল মাহত শ্বিলঙত উপস্থিত হ’ব। প্ৰায় দুই দশকৰ পাছত বহু প্ৰত্যাশিত ‘কামিং হোম ২০২৬’ ভ্ৰমণসূচী ঘোষণা কৰিছে বিশ্বৰ অন্যতম কিংবদন্তি হার্ড ৰক বেণ্ডটোৱে।
উল্লেখযোগ্য যে, অহা ২১ এপ্ৰিলত শ্বিলঙৰ জে এন ষ্টেডিয়ামত, ২৪ এপ্ৰিলত দিল্লী-এন চি আৰৰ হুডা গ্ৰাউণ্ডত, ২৬ এপ্ৰিলত বাংগালুৰুৰ নাইচ গ্ৰাউণ্ডত আৰু ৩০ এপ্ৰিলত মুম্বাইৰ বিকেচিৰ জিঅ’ গাৰ্ডেনত সংগীত পৰিৱেশন কৰিব কিংবদন্তি জাৰ্মান ৰক বেণ্ড স্কৰ্পিয়ন্সে। ইপিনে টিকটৰ বুকিং অহা ১৪ জানুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsap-2026-01-10-17-38-59.jpeg)
এইখিনিতে উল্লেখ কৰিব লাগিব যে- পাঁচ দশকৰো অধিক কালৰ এক বিশাল গৌৰৱময় ইতিহাস কঢ়িয়াই ফুৰা স্কৰ্পিয়ন্স বৰ্তমান বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী আৰু সফল ৰক বেণ্ডসমূহৰ ভিতৰত অন্যতম। যিয়ে সমগ্ৰ বিশ্বতে ১২০ নিযুতৰো অধিক ৰেকৰ্ড বিক্ৰী কৰাৰ লগতে ৮০ খনতকৈও অধিক দেশত সংগীত পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। ১৯৬৫ চনতে গঠন হোৱা এই বেণ্ডটোৱে "Wind of Change", "Rock You Like a Hurricane", আৰু "Still Loving You" ৰ দৰে কালজয়ী গীত উপহাৰ দিছে। এই যাত্ৰাত ১৮ বছৰৰ মূৰত ভাৰতীয় অনুৰাগীৰ মাজলৈ আহিবলৈ পাই বেণ্ডটোৰ মুখ্য গায়ক ক্লাউছ মেইন অতি উৎসাহিত বুলি প্ৰকাশ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapp-ima-2026-01-10-17-39-39.jpeg)
প্ৰণিধানযোগ্য যে- বেণ্ডৰ গায়ক ক্লাউছ মেইনে উল্লেখ কৰিছে যে- সুদীৰ্ঘ বহু বছৰ বিৰতিৰ পাছত পুনৰ ভাৰতত সংগীত যাত্ৰা আৰম্ভ কৰিবলৈ পাই অত্যন্ত উৎসাহিত হোৱাৰ কথা অৱগত কৰে। আৰু তেওঁলোকৰ বেণ্ডটোৰ অগণন অনুৰাগীক লগ পাবলৈ আগ্ৰহেৰে বাট চাইছে বুলিও কয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapppm-2026-01-10-17-40-04.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us