ক্ৰমাৎ স্বাভাৱিক লেহৰ পৰিস্থিতি, প্ৰশাসনে ক্ৰমান্বয়ে শিথিল কৰিছে নিষেধাজ্ঞা

আজিৰে পৰা লেহ জিলাত দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় খোলা হৈছে। আনহাতে, দোকানসমূহো পুৱা ৭ বজাৰ পৰা বিয়লি ৬ বজালৈকে খোলা থাকিব বুলি উল্লেখ কৰিছে প্ৰশাসনে। 

author-image
Asomiya Pratidin
New Update
GTUMBH

ডিজিটেল ডেস্কঃ ক্ৰমাৎ স্বাভাৱিক দিশলৈ ঘুৰি আহিছে লেহৰ পৰিস্থিতি। যাৰবাবে সোমবাৰৰ পৰা প্ৰশাসনে ক্ৰমান্বয়ে শিথিল কৰি তুলিছে নিষেধাজ্ঞা। আজিৰে পৰা লেহ জিলাত দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় খোলা হৈছে। আনহাতে, দোকানসমূহো পুৱা ৭ বজাৰ পৰা বিয়লি ৬ বজালৈকে খোলা থাকিব বুলি উল্লেখ কৰিছে প্ৰশাসনে। 

ইফালে, সকলো ৰাজহুৱা পৰিবহন বাছকো চলাচলৰ অনুমতি দিয়া হৈছে। এই সন্দৰ্ভত লেহৰ অতিৰিক্ত উপ আয়ুক্ত গুলাম মহম্মদে জাৰি কৰিছে নিৰ্দেশনা। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে লেহত অষ্টম শ্ৰেণীলৈকে বিদ্যালয় মুকলি কৰা হৈছিল। প্ৰশাসনে লেহ জিলাৰ আইন-শৃংখলা আৰু নিৰাপত্তা পৰিস্থিতিৰ ওপৰত ধাৰাবাহিকভাৱে পৰ্যালোচনা কৰি আছে।

সমান্তৰালভাৱে লাডাখৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে উপ-ৰাজ্যপাল কবিন্দৰ গুপ্তাই। জিলাখনৰ নিৰাপত্তা পৰিস্থিতিৰ তথ্য লাভৰ বাবে তেওঁ লেহত আৰক্ষী আৰু প্ৰশাসনিক জ্যেষ্ঠ বিষয়াৰ সৈতে দৈনিক বৈঠকত মিলিত হৈ আছে। অৱশ্যে লেহ জিলাত ইণ্টাৰনেট সেৱা  মঙলবাৰলৈকে বন্ধ কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে, বিগত ২৪ ছেপ্টেম্বৰত লেহত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল। তাৰ পিছত লেহত জাৰি কৰা হৈছিল সান্ধ্য আইন। 

সান্ধ্য আইন