/asomiyapratidin/media/media_files/2026/01/08/uitrtwdsfsdd-2026-01-08-23-33-08.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঐতিহ্যমণ্ডিত আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিয়ে অহা ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী বৰ্ষত উপনীত হ'ব। এচাম সমাজহিতৈষী আৰু দূৰদৃষ্টিসম্পন্ন ব্যক্তিৰ শ্ৰম আৰু বদন্যতাৰ বিনিময়ত ১৯৫৩ চনৰ ১৯ মার্চত এই বিদ্যালয়খনি স্থাপিত কৰা হৈছিল। সেয়ে এই বিদ্যালয়খনৰ আগত ২০২৭ চনত অনুষ্ঠিত হ'বলগীয়া মহাৰজত জয়ন্তী উদযাপনৰ পৰিকল্পনা আৰু প্ৰস্তুতি সম্পর্কে বিস্তৃত আলোচনা কৰাৰ বাবে অহা ১৮ জানুৱাৰী দেওবাৰে পুৱা ১০-৩০ বজাত এই বিদ্যালয়খনত এখনি বৃহৎ ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে বিদ্যালয়খনৰ শৈক্ষিক ভাৰপ্ৰাপ্ত অধ্যক্ষ গগন চন্দ্ৰ কলিতাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-image-2026-2026-01-08-23-33-27.jpeg)
উক্ত সভাত সমূহ ন-পুৰণি ছাত্র-ছাত্রী,অভিভাৱক-অভিভাৱিকা, শিক্ষক-কর্মচাৰী, শুভাকাংক্ষী তথা অঞ্চলবাসী ৰাইজৰ উপস্থিতিৰ লগতে গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষ (শৈক্ষিক) আৰু বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সম্পাদক গগন চন্দ্ৰ কলিতাই। এই সভাৰ উপস্থিতিতে নিৰ্ণয় হব আগত মহাৰজত জয়ন্তী উদ্যাপন কৰাৰ সিদ্ধান্ত। গতিকে এই সভাত সকলোৰে উপস্থিতি জৰুৰীভাৱে কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us