ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত প্ৰতিকূল বতৰৰ বাবে কেইবাখনো ৰাজ্যত বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজস্থানত বিগত দিনকেইটাত নেৰানেপেৰা বৰষুণৰ বাবে মঙলবাৰৰ লৈকে স্কুল বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইফালে বতৰৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰতো আগন্তুক ৬টা দিনৰ বাবে বন্ধ থাকিব বিদ্যালয়সমূহ। উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থানৰ কেইবাখনো জিলাত আগন্তুক দিনকেইটা এইদৰেই বন্ধ থাকিব স্কুল।
প্ৰতিকূল বতৰৰ উপৰিও সমগ্ৰ দেশত আগষ্টম মাহটোত কেইদিন স্কুল বন্ধ থাকিব তাৰ তালিকাত কিছু চকু ফুৰাও আহক। আগষ্ট মাহৰ ৪, ১১, ১৮ আৰু ২৫তাৰিখে পৰিছে দেওবাৰ। ইয়াৰোপৰি ১৫আগষ্টতো বন্ধ থাকিব শিক্ষানুষ্ঠানৰ পাঠদান। ১৯আগষ্টতো বন্ধ থাকিব চৰকাৰী স্কুলসমূহ।
ইয়াৰোপৰি আগষ্ট মাহটোত ২৬আগষ্টত ওমেন ইউকিলিটী ড্যেৰ বাবে স্কুল বন্ধ থাকিব। ২৯আগষ্টতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে বহু ৰাজ্যৰ স্কুল বন্ধ থাকিব। ৰাখী বন্ধন আৰু জন্মাষ্ট্ৰমীৰ বন্ধও ২৬আগষ্টত লাভ কৰিব শিক্ষাৰ্থীসকলে। এনেদৰেই আগষ্ট মাহটোত দেওবাৰ চাৰিটা মিলাই প্ৰায় ১০দিন বন্ধ পাব শিক্ষাৰ্থীসকলে।