/asomiyapratidin/media/media_files/2026/02/23/hghghgh-2026-02-23-17-19-04.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাই অসমৰ প্ৰায় ৪৫ লাখ অনুসূচিত জাতিৰ ৰাইজৰ জৰুৰী সমস্যাসমূহ উত্থাপন কৰে। সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিপাংকৰ দাস, কাৰ্যকৰী সভাপতি মুকেশ বনিয়া, সাধাৰণ সম্পাদক মৃদুল দাসৰ লগতে অন্যান্য নেতৃবৃন্দ উপস্থিত থকা এই সংবাদ মেলত অনুসূচিত জাতি ছাত্র-ছাত্রী আৰু সামগ্ৰিক ৰাইজৰ স্বাৰ্থত একাধিক গুৰুত্বপূৰ্ণ দাবী দাঙি ধৰা দেখা যায়।
এই সংবাদমেলত অনুসূচিত জাতিৰ ছাত্র-ছাত্রীসকলৰ জলপানিৰ পৰিমাণ বৃদ্ধি কৰা, গৱেষক ছাত্র-ছাত্রীসকলৰ বাবে পৃথক জলপানিৰ ব্যৱস্থা কৰা আৰু শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ উন্নত মানৰ কোচিং সুবিধা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। লগতে জলপানি লাভৰ ক্ষেত্ৰত অভিভাৱকৰ বাৰ্ষিক আয়ৰ সীমা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে।
ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহত অনুসূচিত জাতিৰ ছাত্র-ছাত্রীসকলৰ বাবে ছাত্রাবাস নিৰ্মাণ, অনুসূচিত জাতি ৰাইজৰ ভূমি পট্টা আৰু ভূমি অধিকাৰ প্ৰদানৰ উদ্দেশ্যে ভূমি জৰীপ আৰু ছেটেলমেন্ট ব্যৱস্থা প্ৰৱৰ্তন, মৎস্যজীৱী অনুসূচিত জাতিৰ লোকসকলক বিশেষ ভাট্টা প্ৰদান কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয়।
আজিৰ সংবাদমেলত সংগঠনটোৱে লগতে অনুসূচিত জাতিৰ ইতিহাস-ঐতিহ্য সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ, জাতিগত প্ৰমাণপত্ৰ প্ৰদান প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰা, দক্ষতা বিকাশ কাৰ্যসূচীৰ জৰিয়তে নিবনুৱা যুৱসমাজক স্বাৱলম্বী কৰি তোলা আজি বিষয়সমূহত জোৰ দিয়া দেখা যায়। ব্ৰহ্মপুত্ৰ উপত্যকাত অনুসূচিত জাতিৰ বাবে এখন ৰাজ্যসভাৰ আসন সংৰক্ষণ কৰাৰ দাবীও সংবাদ মেলত উত্থাপন কৰা হয়। শেষত সংগঠনটোৰ নেতৃবৰ্গই ৰাজ্য চৰকাৰক উক্ত দাবীসমূহৰ ক্ষেত্ৰত শীঘ্ৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us