/asomiyapratidin/media/media_files/2026/02/19/sfdfd-2026-02-19-16-34-19.jpeg)
ডিজিটেল ডেস্কঃ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ সন্দর্ভত দাখল হোৱা ২৪৩খন আৱেদনৰ বাবে উচ্চতম ন্যায়ালয়ে ৫ মে’, ২০২৬ৰ পৰা চূড়ান্ত শুনানি আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলিৰ সংযুক্ত বিচাৰপীঠে দিছে এই নির্দেশ। ৫ মে’ৰ পৰা ১২ মে’লৈ ধাৰাবাহিকভাৱে ইয়াৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, এই বিচাৰপীঠে কা বিৰোধী গোচৰসমূহ দুটা গোটত বিভাজন কৰিছে—
(১) অসম-ত্ৰিপুৰা সংক্রান্ত বিষয় আৰু
(২) দেশৰ আন অংশৰ বিষয়।
ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নিযুক্ত ন’ডাল কাউন্সেলসকলে দুসপ্তাহৰ ভিতৰত গোচৰসমূহ চিনাক্ত কৰি তালিকা ৰেজিষ্ট্ৰিত দাখিল কৰিব লাগিব। তাৰ পাছত ৰেজিষ্ট্ৰীয়ে গোচৰসমূহ পৃথক পৃথক কৰি ক্ৰম অনুসাৰে শুনানিৰ বাবে তালিকাভুক্ত কৰিব। ইফালে, ৫ মে’ত আৱেদনকাৰীসকলৰ যুক্তি শুনা হ’ব; ৬ মে’ত পুনৰ আৱেদনকাৰীৰ বাকী অংশ আৰু ৭ মে’ত প্ৰতিবাদী পক্ষৰ শুনানি হ’ব। ১২ মে’ত ‘ৰিজইণ্ডাৰ’ (পুনৰ যুক্তি) গ্ৰহণ কৰা হ’ব।
উল্লেখযোগ্য যে, ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদে কা গৃহীত কৰে আৰু পিছদিনা ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছিল। সেই দিনাই Indian Union Muslim Leagueয়ে আইনখনৰ বিৰুদ্ধে শীৰ্ষ আদালতত আবেদন দাখল কৰিছিল। তাৰ পাছত অসমৰ লগতে দেশজুৰি বহু সংগঠন আৰু ব্যক্তিয়ে আবেদন দাখল কৰিছিল। মে’ মাহৰ চূড়ান্ত শুনানিয়ে এই বহুচৰ্চিত আইনখনৰ ভৱিষ্যৎ নিৰ্ধাৰণত গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলি অনুমান কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us