/asomiyapratidin/media/media_files/2025/11/06/1-2025-11-06-21-16-23.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ড০ ভূপেন হাজৰিকাৰ অমৰ গীত ‘মানুহে মানুহৰ বাবে’ গীতটি সমগ্ৰ মানৱ সমাজৰ গীত ৰূপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান জনাব বুলি ঘোষণা কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিছে অনুসূচিত জাতিৰ সংগঠনে ৷ আজি এক প্ৰেছ বিবৃতি যোগে অনুসূচিত জাতিৰ সংগঠনে এই কথা প্ৰকাশ কৰিছে ৷
অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস, উপদেষ্টাদ্বয় পৱিত্ৰ হাজৰিকা, অমৰেন্দ্ৰ দাস, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জনাৰ্দন দাসে এক বিবৃতিত উল্লেখ কৰা মতে, অমৰকণ্ঠ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা কেৱল অসম বা ভাৰতবৰ্ষৰে নহয় সমগ্ৰ বিশ্বৰ গৰ্ব।
তেখেতৰ সৃষ্টিৰাজিয়ে বিশ্বৰ কোটি কোটি মানুহৰ হৃদয় স্পৰ্শ কৰি আহিছে৷ বিশ্বজুৰি মানুহৰ হৃদয় জিনিবলৈ সক্ষম হোৱা এইগৰাকী সুযোগ্য সন্তানক যথাযোগ্য সন্মান দিয়াটো আমাৰ সকলোৰে কৰ্তব্য। মহান ব্যক্তিত্বৰ অধিকাৰী ড০ ভূপেন হাজৰিকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিখিনি ঘোষণা কৰিলে তাক আমি প্ৰশংসা কৰিছো ৷
একেটা বিবৃতিত সঞ্জীৱ দাসে কয় যে বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাক বিশ্বজনীন স্বীকৃতিৰ বাবে ‘মানুহে মানুহৰ বাবে’ গীতটি সমগ্ৰ মানৱ সমাজৰ গীত ৰূপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক অনুৰোধ জনাম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ এনে প্ৰয়াসক আমি প্ৰশংসা কৰিছো ৷
ড০ ভূপেন হাজৰিকা এগৰাকী অনুসূচিত জাতিৰ সন্তান আছিল৷ যদি তেনে এক স্বীকৃতি লাভ কৰে তেন্তে সমগ্ৰ অসমীয়া জাতিটোৰ লগতে অনুসূচিত সমাজখনেও নথৈ আনন্দিত হম ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই গীতটো অসম বা অসমীয়া জাতিৰ নহয়, সমগ্ৰ বিশ্বৰ হৈ থাকক৷ সেয়া আমি কামনা কৰো ৷ মানুহে মানুহৰ বাবে জীয়াই থাকিব লাগে ৷
এই কথা বিশ্বত পূৰ্বে কোনোৱেও কোৱা নাছিল ৷ কেৱল মাত্ৰ আমাৰ সুধাকণ্ঠই কৈ গৈছে ৷ বিশ্বতে বিৰল ‘মানুহে মানুহৰ বাবে’ ৰাজ্য চৰকাৰখনে সমগ্ৰ মানৱ সমাজৰ গীত ৰূপে স্বীকৃতি দিবলৈ পাৰ্যমানে প্ৰয়াস কৰক, তাত আমাৰ সহায়-সহযোগ থাকিব ৷ প্ৰয়োজনত অসমত গণস্বাক্ষৰ লৈ ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণৰ ব্যৱস্থা কৰক চৰকাৰে ৷
একেটা বিবৃতিত অনুসূচিত জাতিৰ সংগঠনসমূহে কয় যে মুখ্যমন্ত্ৰীই আন এটা বিষয় উত্থাপন কৰি কৈছে যে প্ৰতিখন বিহু সমিতিয়ে এটা দিন ভূপেন হাজৰিকাৰ নামত পালন কৰক ৷ সেই সন্ধিয়াটো ভূপেন হাজৰিকাৰ গীত-মাতেৰে পালন কৰাৰ আহ্বান জনাইছে ৷
আমাৰ ফালৰ পৰাও মুখ্যমন্ত্ৰীৰ আহ্বান মানি বিহুৰ এটা সন্ধিয়া ভূপেন হাজৰিকাৰ নামত পালন কৰিবলৈ বিহু সমিতিসমূহক আহ্বান জনাইছো ৷ মুখ্যমন্ত্ৰীক এটা কথা কৈছো যে কেৱল ঘোষণা কৰি থোৱাই নহয় ৷ ঘোষণাসমূহ শীঘ্ৰে ফলাফললৈ কাৰ্যকৰী কৰিবলৈ দাবী জনাইছো ৷ আনহাতে আমাৰ এক দীৰ্ঘদিনীয়া দাবী আছে ৷
আমি ইতিপূৰ্বে ভাৰতীয় ৰে’লৱেক এটা দাবী উত্থাপন কৰি আহিছো৷ আমি মুখ্যমন্ত্ৰীৰ জৰিয়তে বিশেষ দাবীটো উত্থাপন কৰিছো ৷ ভূপেন হাজৰিকাৰ নামত এখন ৰে’লৰ নামকৰণ কৰাৰ দাবী জনাইছো ৷ ৰে’লখনৰ নাম - ‘ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা এক্সপ্ৰেছ’ ৰাখক ৷
গুৱাহাটী/ডিব্ৰুগড়ৰ পৰা দিল্লী/মুম্বাই/চেন্নাই অভিমুখে নিয়মীয়া চলাচল কৰাৰ ব্যৱস্থা কৰাৰ লগতে ৰে’লখনত ভূপেন হাজৰিকাৰ সংগীত আৰু অৱদানৰ আধাৰত সাংস্কৃতিক থিম আৰু সজ্জাৰে সজ্জিত কৰাৰ ব্যৱস্থা কৰক৷ লগতে গুৱাহাটী, বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভূপেন দাৰ নামত আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে অসমত প্ৰাথমিক স্কুলৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ পাঠ্যক্ৰমত ভূপেন হাজৰিকাৰ বিষয় আৰু ‘মানুহে মানুহৰ বাবে’ গীতটোৰ মহত্ব অন্তৰ্ভুক্ত হ’ব লাগিব ৷ এইখিনি কাম চৰকাৰে সোনকালে কৰক ৷ এইজন মহান ব্যক্তিক সন্মান প্ৰদৰ্শন কৰি অসমৰ সাংস্কৃতিক পৰিচয় বিশ্বজুৰি প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰীই লোৱা পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছো- কয় সংগঠনৰ নেতাসকলে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us