/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/karan.jpg)
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। উচ্চতম ন্যায়ালয়ে ৰায় দান কৰিছে যে, যদি কন্যাই নিজৰ পিতৃৰ সৈতে কোনো সম্পৰ্ক নাৰাখে তেন্তে তেওঁ পিতৃৰ পৰা ধন বিচৰাৰ অধিকাৰো নাই।
লগতে ন্যায়ালয়ে স্পষ্টকৈ কয় যে যদি কোনো সন্তানে নিজৰ পিতৃৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে তেন্তে তেওঁৰ পৰা ধন বিচৰাৰো অধিকাৰ নাই। ন্যায়াধীশ কিশন কৌল আৰু এম এম সুন্দৰেশৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে।
উচ্চতম ন্যায়ালয়ৰ এই এই দুজনীয়া বিচাৰপীঠে ৰায় দান কৰিছে যে, কন্যাই যদি দীৰ্ঘ সময় ধৰি পিতৃৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে তেন্তে তেওঁ নিজৰ পিতৃৰ পৰা টকা বিচৰাৰ কোনো অধিকাৰ নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us