ৰক্ষা নাই যশৱন্ত বাৰ্মাৰঃ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন...

অপসাৰণ নিশ্চিত নগদ ধনৰ কেলেংকাৰীৰে জড়িত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা যশৱন্ত বাৰ্মাৰ গোচৰ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।

author-image
Asomiya Pratidin
New Update
ৰক্ষা নাই যশৱন্ত বাৰ্মাৰঃ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন...

ডিজিটেল ডেস্কঃ আইনী সুৰক্ষাৰ কোনো পথ বাকী নাই। অপসাৰণ নিশ্চিত নগদ ধনৰ কেলেংকাৰীৰে জড়িত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ। ৩ জনীয়া ন্যায়াধীশ সমিতিৰ পৰামৰ্শক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা যশৱন্ত বাৰ্মাৰ গোচৰ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, যোৱা ১৪ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাংলোত সংঘটিত অগ্নিকাণ্ডৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপনৰ সময়তে উদ্ধাৰ কৰিছিল জ্বলি যোৱা বহু টকাৰ বাণ্ডিল। এই ঘটনাৰ পিছতে তেওঁক দিল্লীৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। 

তাৰোপৰি তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ইন হাউছ কমিটীয়ে আৰম্ভ কৰিছিল নগদ ধনৰ আদায়ৰ গোচৰৰ তদন্ত। এই তদন্তৰ বাবে গঠন কৰা হৈছিল ৩ জনীয়া এখন সমিতি। এই তদন্ত সমিতিয়ে যোৱা ৩ মে’ত ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে আৰু তেওঁৰ বিৰুদ্ধে ধনৰ লেনদেনৰ পৰ্যাপ্ত প্ৰৰমাণ পোৱা বুলি দাবী কৰে। সেই তদন্তৰ প্ৰমাণৰ ভিত্তিতে তদন্ত সমিতিয়ে ন্যায়াধীশ যশৱন্ত বাৰ্মাক অপসাৰণৰ পৰামৰ্শ আগবঢ়ায়।

এই পৰামৰ্শৰ পিছতে ন্যায়াধীশ যশৱন্ত বাৰ্মাই উচ্চতম ন্যায়ালয়ৰ কমিটীৰ ক্ষমতা আৰু যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে আৰু কমিটীয়ে গঠন কৰা তদন্ত সমিতি আইন অনুসৰি গঠন নোহোৱাৰ দাবী কৰে। বাৰ্মাই অভিযোগ কৰে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণ হোৱাৰ পূৰ্বেই এই বিষয়ে ৰাজহুৱাভাৱে আলোচনা কৰি সংবাদ মাধ্যমত এই বিষয়ে প্ৰচাৰ কৰা হ’ল।  এনে ঘটনাই উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায় উলংঘা কৰাৰো অভিযোগ কৰে।  

ন্যায়াধীশ বাৰ্মাৰ এনে অভিযোগ সম্বলিত গোচৰটোৰ চূড়ান্ত শুনানি যোৱা ৩০ জুলাইত অনুষ্ঠিত হৈ যায় আৰু আদালতে ইয়াৰ ৰায়দান পিছুৱাই ৰাখে। আজি উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশ বিভাগৰ বিচাৰপীঠে ন্যায়াধীশ বাৰ্মাৰ আবেদন খাৰিজ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। 

তাৰোপৰি বিচাৰপীঠে কয়, ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে তদন্ত সমিতিখন নিয়ম অনুসৰি গঠন কৰা হৈছিল।সেই সমিতিয়ে নিয়ম অনুসৰিয়েই তদন্ত চলাইছিল। ন্যায়াধীশ বাৰ্মাই নিজেও তদন্তৰ অংশ আছিল। তদন্তৰ সময়ত আবেদনকাৰীৰ সাংবিধানিক অধিকাৰো খৰ্ব কৰা হোৱা নাছিল। 

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে এতিয়া দুৰ্নীতিগ্ৰস্ত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ অপসাৰন স্পষ্ট হৈ পৰিছে। 

উচ্চতম ন্যায়ালয় দুৰ্নীতি