দুটি সন্তানৰ মাতৃ তেজপুৰৰ ছায়া বৰুৱাৰ বিশ্ব জয়...

নিজৰ অনন্য প্ৰতিভাৰ বলত তেজপুৰৰ ছায়া বৰুৱাই বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জনেৰে অসমকে ধৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। অকল তেজপুৰ,শোণিতপুৰ জিলা তথা ৰাজ্যবাসীকে

author-image
Asomiya Pratidin
New Update
syaaa

ডিজিটেল সংবাদ,তেজপুৰঃ নিজৰ অনন্য প্ৰতিভাৰ বলত তেজপুৰৰ ছায়া বৰুৱাই বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জনেৰে অসমকে ধৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। অকল তেজপুৰ,শোণিতপুৰ জিলা তথা ৰাজ্যবাসীকে নহয় সমগ্ৰ ভাৰত বাসীকে গৌৰৱান্বিত কৰি তেজপুৰৰ দুটি সন্তানৰ মাতৃ ছায়া বৰুৱাই ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ খবৰে সকলোকে উৎফুল্লিত কৰি তুলিছে ।

উল্লেখ্য যে তেজপুৰৰ ৰঙাপুখুৰীপাৰৰ নিবাসী ছায়া বৰুৱাই ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেছনৰ জৰিয়তে যোৱা ১১ নৱেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ ফেডাৰেছনৰ উদ্যোগত অনুষ্ঠিত হোৱা ১৬ সংখ্যক World Bodybuilding and Physique Sports Championship 2025 অংশগ্ৰহণ কৰিছিল। এইক্ষেত্ৰত প্ৰতিভাৱান খেলুৱৈ ছায়া বৰুৱাই প্ৰতিযোগিতাখনিৰ এথলেটিকছ  ফিজিক্সৰ ১৬৫ ছেন্টিমিটাৰ উৰ্দ্ধৰ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে মুকলি শাখাত সোণৰ পদক অৰ্জনেৰে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি ভাৰতৰ ভিতৰতে প্ৰথম গৰাকী মহিলা হিচাপে আন এক বিৰল স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে সমগ্ৰ বিশ্বৰ ৪৬ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ মুকলি শিতানত বিশ্বৰ ৫০ গৰাকীৰো অধিক প্ৰতিযোগীৰ মাজত সোণৰ পদকেৰে জিলিকি উঠা ছায়া বৰুৱাই হ'ল দেশৰ ভিতৰতে এই সন্মান অৰ্জন কৰা প্ৰথমগৰাকী মহিলা। সেই অনুসৰি বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন কৰা ছায়া বৰুৱাই কালি নিশা নিজৰ তেজপুৰ ৰঙাপুখুৰীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত আজি তেজপুৰৰ অসমীয়া ক্লাবত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাই তেওঁলোকৰ খেলুৱৈ গৰাকীক জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ উপস্থিতিত উষ্ম অভিনন্দন জ্ঞাপন কৰে।

উল্লেখ্য যে শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় পাঞ্জা ৰেফাৰী পংকজ কুমাৰ বৰাই আঁতধৰা অনুষ্ঠানটিত প্ৰথমেই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে শোণিতপুৰ জিলা প্ৰশাসনৰহৈ খেলুৱৈ গৰাকীক গামোচা আৰু ফুলৰ টোৰাৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ বিষয়ববীয়া সকলৰ উপৰি শোণিতপুৰ জিলা শক্তি উত্তোলন সন্থা ,ভাৰ উত্তোলন সন্থা ,টাগ অফ ৱাৰ সন্থা,যোগ ক্রীড়া সন্থাৰ লগতে অসমীয়া ক্লাবে বিশ্ব জয় কৰি অহা খেলুৱৈ গৰাকীক অভিনন্দন জনায়।

তেজপুৰ