মহাত্মা গান্ধী, ভগত সিং, সুভাষ চন্দ্ৰ বসুৰ ওপৰত ছাভাৰকাৰঃ পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ পোষ্টাৰক লৈ বিতৰ্ক

জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু ভগত সিঙৰ দৰে মহান স্বাধীনতা সংগ্ৰামীৰ মূৰৰ ওপৰত বিনায়ক দামোদাৰ ছাভাৰকাৰ ! পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ পোষ্টাৰক লৈ বিতৰ্ক।

author-image
Tushar Pratim
New Update
মহাত্মা গান্ধী, ভগত সিং, সুভাষ চন্দ্ৰ বসুৰ ওপৰত  ছাভাৰকাৰঃ পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ পোষ্টাৰক লৈ বিতৰ্ক

ডিজিটেল ডেস্কঃ মহামানৱ, জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু ভগত সিঙৰ দৰে মহান স্বাধীনতা সংগ্ৰামীৰ মূৰৰ ওপৰত বিনায়ক দামোদাৰ ছাভাৰকাৰ ! স্বাধীনতা দিৱসৰ দিনটোত এনে এক পোষ্টাৰ তৈয়াৰ কৰিয়েই শ্বেয়াৰ কৰিছিল পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে। 

Advertisment

তাৰ পিছতেই এতিয়া দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক। বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসকীয় চৰকাৰক। জাতিৰ পিতাৰ হত্যাকাণ্ডৰে অভিযুক্তক এতিয়া মহিমামণ্ডিত কৰাৰ প্ৰয়াস কৰা হৈছে বুলি দাবী কৰিছে বিৰোধীয়ে। 

প্ৰশ্ন উত্থাপন হৈছে, নিজকে ‘ব্ৰিটিছ চৰকাৰৰ নিষ্ঠাবান সেৱক’ বুলি কোৱা ছাভাৰকাৰে সুভাষ চন্দ্ৰ বসু আৰু ভগত সিঙৰ সৈতে একেশাৰীত কেনেকৈ থাকিব পাৰে? কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক কে চি বেনুগোপালে তেওঁৰ এক্স হেণ্ডেলত এনে পোষ্টাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 

তেওঁ কয়, "ইংৰাজৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা পত্ৰ দাখিল কৰা ছাভাৰকাৰৰ দৰে মানুহক গান্ধীজীৰ ওপৰত ৰখা হৈছে- সেই অপৰিহাৰ্য মহাত্মা, যিয়ে স্বাধীনতা আমাৰ বাবে স্বাধীনতা কঢ়িয়াই আনিছিল।

তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে যে কিয় ছাভাৰকাৰক সেই পোষ্টাৰত ৰখা হৈছিল? সেই পোষ্টাৰত কিয় জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে ব্যক্তিত্বক স্থান দিয়া হোৱা নাছিল? 

তেওঁ আৰু অভিযোগ কৰিছে, প্ৰতিটো স্বাধীনতা দিৱসতে মোডীৰ নেতৃত্বত বিজেপিয়ে ইতিহাস বিকৃত কৰাৰ সপক্ষে একো একোটা বিষয় উত্থান কৰে। তেওঁলোকে বীৰক আঁতৰাই দেশদ্ৰোহীক অগ্ৰাধিকাৰ দিয়ে। 

যিসকলৰ পূৰ্বপুৰুষে ইংৰাজৰ সৈতে ষড়যন্ত্ৰ কৰি বিভাজনৰ বীজ সিঁচিছিল আৰু যিসকলৰ ঘৃণাই আজিও আতংক বিয়পাইছে, তেওঁলোকৰ পৰা আৰু কি আশা কৰিব পাৰি বুলিও তেওঁ প্ৰশ্ন কৰে।

মহাত্মা গান্ধী নাগা স্বাধীনতা দিৱস পেট্ৰ'লিয়াম মন্ত্ৰী