/asomiyapratidin/media/media_files/2025/10/03/dsdsdsdsdsdsdsd-2025-10-03-23-34-46.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত আছুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি বিশাল মমশিখা সমদল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়৷
শতাধিক লোকে প্ৰতিবাদী কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি হতে হাতে মমবাতি লৈ বিশাল সমদল কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰতিবাদকাৰীৰ দাবী, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ গতিত পানী নসৰকা ধৰণেৰে কৰা, দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷