/asomiyapratidin/media/media_files/2025/11/17/saudi-arabia-bus-accident-2025-11-17-14-20-51.jpeg)
ডিজিটেল ডেস্কঃ ছৌদি আৰৱত সংঘটিত শোকাৱহ দুৰ্ঘটনা। উমৰা হজযাত্ৰী কঢ়িয়াই অনা এখন বাছ ডিজেল টেংকাৰৰ সৈতে সংঘৰ্ষত পতিত হয়। তাৰ পাছতে নিমিষতে জ্বলি উঠে হজযাত্ৰী কঢ়িয়াই অনা বাছখন।
উল্লেখ্য যে, ছৌদি আৰৱৰ মদিনাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। উমৰা হজযাত্ৰী কঢ়িয়াই অনা বাছখনত ৫২ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত কমেও ৪২গৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। এই দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত ১১ গৰাকী মহিলা আৰু সৰু লৰা-ছোৱালী ১০ জন আছিল বুলি জানিব পৰা গৈছে।
ইপিনে নিহত আটাইকেইজন ভাৰতীয় নাগৰিক বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি বহুকেইগৰাকী লোক হায়দৰাবাদৰ।
তাৰোপৰি,তেলেংগানা চৰকাৰে ভাৰত চৰকাৰ আৰু ৰিয়াদত থকা ভাৰতীয় দূতাবাসৰ সৈতে অহৰহ যোগাযোগ কৰি আছে বুলি জানিব পৰা গৈছে। তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে দূতাবাসৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াও পৰিলক্ষিত হয় ।
আনফালে কেন্দ্ৰীয় চৰকাৰৰ পৰা শীঘ্ৰে হস্তক্ষেপ দাবী জনাইছে ওৱাইছিয়ে। সাংসদগৰাকীয়ে ৰিয়াদত থকা ভাৰতীয় দূতাবাসৰ মিছনৰ উপ-মূৰব্বী আবু মাথান জৰ্জৰ সৈতেও কথা পাতিছিল আৰু তেওঁ পৰিস্থিতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব বুলি আশ্বাস দিছিল। ওৱাইছিয়ে হায়দৰাবাদৰ দুটাকৈ ট্ৰেভেল এজেন্সীৰ সৈতেও যোগাযোগ কৰিছে।
তাৰোপৰি বহু কেইটা হেল্পলাইন নম্বৰ মুকলি কৰিছে মৃতকৰ পৰিয়ালৰ বাবে। আনপিনে ছৌদি আৰৱৰ ভাৰতীয় দূতাবাসৰ পৰা ৮০০২৪৪০০০৩ এই হেল্পলাইন নম্বৰটো মুকলি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us