সত্যব্ৰত কলিতাক অনুসৰণ কমলপুৰ অগপ সমষ্টি সমিতিৰঃ সমূহীয়াকৈ পদত্যাগ

সত্যব্ৰত কলিতাৰ পদত্যাগৰ পিছতেই কমলপুৰ সমষ্টিত অগপত পদত্যাগৰ ধুমুহা বলিছে। তেওঁৰ পদত্যাগৰ পিছতেই সমূহীয়াকৈ পদত্যাগ কৰিলে কমলপুৰ অগপৰ সমষ্টি সমিতিয়েও। 

author-image
Asomiya Pratidin
New Update
সত্যব্ৰত কলিতাক অনুসৰণ কমলপুৰ অগপ সমষ্টি সমিতিৰঃ সমূহীয়াকৈ পদত্যাগ

ডিজিটেল ডেস্কঃ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই অসম গণ পৰিষদ ত্যাগ কৰাৰ পিছতেই অগপ শূন্য হ’ল কমলপুৰ সমষ্টি। আজি আঞ্চলিক দলটোৰ নেতৃত্বলৈ মাত্ৰ এটা শাৰীৰ বাক্য লিখি পদত্যাগ কৰে অগপৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

কলিতাৰ এই পদত্যাগৰ পিছতেই কমলপুৰ সমষ্টিত অগপত পদত্যাগৰ ধুমুহা বলিছে। তেওঁৰ পদত্যাগৰ পিছতেই সমূহীয়াকৈ পদত্যাগ কৰিলে কমলপুৰ অগপৰ সমষ্টি সমিতিয়েও। 

সমষ্টি সমিতিয়ে অগপৰ নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি সত্যব্ৰত কলিতাৰ পথেই অনুসৰণ কৰিলে। দলটোৰ তৃণমূলৰ কৰ্মীসকলেও শীৰ্ষ নেতৃত্বৰ প্ৰতি অনুৰূপ ধৰণে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। 

উল্লেখ্য যে, সত্যব্ৰত কলিতাই এইবাৰ কমলপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি মুকলিকৈ ঘোষণা কৰি আহিছিল। তেওঁ কমলপুৰ সমষ্টি বিজেপিক এৰি দিয়া নহ’ব বুলিও কৈছিল। কিন্তু শেষ মুহূৰ্তত কমলপুৰ সমষ্টি বিজেপি এৰি নিদিয়াৰ বিষয়ে নিশ্চিত হোৱাত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰ্চা চলিছে। 

স্মৰ্তব্য, কমলপুৰ সমষ্টি বৰ্তমান আছে বিজেপিৰ দখলত। এই সমষ্টিক প্ৰতিনিধিত্ব কৰিয়েই অসম বিধানসভালৈ নিৰ্বাচিত হৈছে দিগন্ত কলিতা। মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ দিগন্ত কলিতাৰ বাবেই যে বিজেপিয়ে এই সমষ্টি বিজেপিয়ে এজিপিক এৰি নিদিয়ে আৰু এজিপিৰ শীৰ্ষ নেতৃত্বই বিজেপিৰ পৰা এই সমষ্টি নিজৰ দখললৈ আনিব নোৱাৰে সেয়া প্ৰায় স্পষ্ট হৈছে। এনে পৰিস্থিতিতে দলটোৰ তৃণমূলৰ পৰা নেতৃত্বলৈ ক্ষোভৰ সৃষ্টি হৈছিল। সেই ক্ষোভৰ পৰিণতিতে আজি সমষ্টিটো অগপ শূন্য হৈ পৰিল।

কমলপুৰ অসম গণ পৰিষদ