/asomiyapratidin/media/media_files/2025/09/18/sai-baba-18-2025-09-18-20-54-50.jpg)
ডিজিটেল ডেস্কঃ কামৰূপ জিলা শ্ৰী সত্য সাই সেৱা সংগঠনৰ উদ্যোগত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবৰ্ষ উপলক্ষে ১৯ ছেপ্তেম্বৰ পৰা ২২ ছেপ্তেম্বৰ, ২০২৫ লৈকে চাৰিদিনীয়া বৰ্ণাঢ্য অনুষ্ঠান আয়োজন কৰা হৈছে। ১৯ ছেপ্তেম্বৰ, শুকুৰবাৰে উগ্ৰতাৰা মন্দিৰৰ সমীপৰ তিনিআলিৰ পৰা শ্ৰী সত্য সাই সাধনা লৈ প্ৰেম জ্যোতি আদৰণি নিয়া হ’ব।
সত্য সাই সেৱা সংগঠন, উত্তৰ পূব ভাৰত, মাণ্ডলিক সভাপতি, শ্রীযুত সত্যেন শর্মাই প্রেম জ্যোতি সম্পর্কে ভাষণ প্ৰদান কৰিব। বিয়লি ৫:২০ বজাত প্রেম জ্যোতিক ঢাক-ঢোল খোল আৰু ভোৰতাল বজাই আদৰি নিয়া হ'ব।
বিয়লি ৫:৩৫ বজাত প্রেম জ্যোতিক বেদীত স্থাপন, ভক্তসকলৰ দ্বাৰা অগ্নি বন্দনা আৰু বেদ পাঠ (সর্ব দেৱতা গায়ত্রী) সন্ধিয়া ৫:৪৫ বজাত কোৰাছ পৰিবেশন। সন্ধিয়া ৫:৫৫ বজাত পুষ্পাঞ্জলি অর্পণ। সন্ধিয়া ৬:০৫ বজাত সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা নাগাৰা নাম পৰিবেশন কৰা হ’ব।
২০ ছেপ্তেম্বৰ, শনিবাৰে পুৱা ৪.৩০ বজাত নগৰ সংকীৰ্তনৰ শুভাৰম্ভ হ’ব। ৯.০০ বজাত প্ৰণামীতা চক্ৰৱৰ্তী, নিপা দাস, মণিকা মহন্তৰ দ্বাৰা বেদপাঠ কৰা হ’ব। পুৱা ১০ বজাত কংকনা বুজৰবৰুৱা আৰু মণিকা মহন্তৰ দ্বাৰা অষ্টোত্তৰ শতনাম পাঠ আৰু লক্মীচৰণ কৰা হ’ব।
২ বজাত পংকজ কটকীৰ তত্ত্বৱধানত ভজন পৰিবেশন কৰা হ’ব। বিয়লি ৪ বজাত প্ৰেমজ্যোতি শ্ৰীসত্য চাই সমিতিৰ পৰা আৰু সাই মধুৰমলৈ নিয়া হ’ব।
২১ ছেপ্তেম্বৰ, দেওবাৰে পুৱা ৪:০০ বজাত প্রেমজ্যোতি সৰু সজাই ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামলৈ ৰাজ্যিক সভাপতি ড০ গকুল চন্দ্র দাস দেৱৰ নেতৃত্বত নিয়া হ'ব। ইয়াৰ পিছতে। Unity Run and Ride ৰ অন্তত পুনৰ সাধনা নিলয়মলৈ প্রেমজ্যোতিক লৈ অনা হ'ব। বিয়লি ৪ বজাত ভজন আৰু আৰতি অনুস্থিত হ’ব।
২২ ছেপ্টেম্বৰ পুৱা ৪:৩০ বজাত ওম কাৰম, সুপ্রভাতম আৰু নগৰ সংকীর্তণ অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে পুৱা ৯:০০ বজাত, সাধনা নিলয়মৰ পৰা ৰঙিয়া, ৰঙিয়াৰ পৰা বৰমালৈ প্ৰেমজ্যোতিক লৈ যোৱা হ'ব।
এই বৰ্ণাঢ্য চাৰিদিনীয়া আয়োজনে আধ্যাত্মিক উন্নতি, ভক্তি, সমাজ সেৱা আৰু একতাৰ বার্তা প্ৰচাৰ কৰি ভগৱান শ্ৰী সত্য চাই বাবাৰ জন্ম শতবৰ্ষক সগৌৰৱে উদযাপন কৰিব।