হেমকোষৰ ১২৫ বছৰঃ সাতসৰীৰ বিশেষ সংখ্যা উন্মোচন

হেমকোষৰ ১২৫ বছৰ উপলক্ষে সাহিত্য আলোচনী সাতসৰীয়ে একবিংশ বছৰৰ পঞ্চম সংখ্যাটো প্ৰকাশ কৰিলে হেমকোষৰ ১২৫ বছৰ বিশেষ সংখ্যা হিচাবে। 

author-image
Asomiya Pratidin
New Update
new ap web 1 (23)

ডিজিটেল ডেস্কঃ  হেমৰ কোষেৰে ওখ দৌল বান্ধিছিল হেমচন্দ্ৰ বৰুৱাই। ভাষাক সাৰথি কৰি সংকটত থকা অসমীয়া ভাষাৰ নুমাব লগা শলিতাডাল চিৰদিনৰ বাবে জ্বলাই ৰাখিছিল ভাষাৰ ওজাগৰাকীয়ে। তেৱে প্ৰণয়ন কৰা অসমীয়া ভাষাৰ প্ৰথমখন অভিধান হেমকোষ  ১২৫ বছৰীয়া হ'ল।

WhatsApp Image 2025-11-30 at 3.23.45 PM
১২৫ বছৰীয়া হ'ল হেমকোষ...

হেমকোষৰ ১২৫ বছৰ উপলক্ষে সাহিত্য আলোচনী সাতসৰীয়ে একবিংশ বছৰৰ পঞ্চম সংখ্যাটো প্ৰকাশ কৰিলে হেমকোষৰ ১২৫ বছৰ বিশেষ সংখ্যা হিচাবে।  ডিচেম্বৰ ২০২৫, বিশেষ সাতসৰী সংখ্যাটো ৩০ নৱেম্বৰ ২০২৫ ত উন্মোচন কৰা হয় সাদিন প্ৰতিদিনৰ চানমাৰীৰ কাৰ্যালয়ত।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী, বিশিষ্ট ভাষাবিদ তথা লেখিকা ড০ মালনী গোস্বামী, সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, লিখক-গৱেষক ড০ অৰবিন্দ ৰাজখোৱা,মনজিৎ ৰাজকোঁৱৰ, বিশিষ্ট কন্ঠশিল্পী অজন্তা গোস্ৱামীকে ধৰি বহু গণ্য-মান্য ব্যক্তি।

WhatsApp Image 2025-11-30 at 1.42.00 PM
১২৫ বছৰীয়া হ'ল হেমকোষ...

সাতসৰীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানটোত প্ৰথমে হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা জ্ঞাপন কৰা হয়। তাৰপাছতে সাতসৰীৰ এই বিশেষ সংখ্যাটো সন্দৰ্ভত আলোকপাত কৰে সাতসাৰীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে।

অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলক সন্মান যাঁচে ক্ৰমে জয়ন্ত বৰুৱা, সাদিন-প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা, প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।

WhatsApp Image 2025-11-30 at 1.42.02 PM (1)
১২৫ বছৰীয়া হ'ল হেমকোষ...

তাৰ পাছতে এই বিশেষ সংখ্যাটো শুভ উদ্বোধন কৰে উপস্থিত বিশিষ্ট ব্যক্তি সকলে। সাতসৰী হেমকোষৰ ১২৫ বছৰ উপলক্ষে প্ৰকাশিত বিশেষ সংখ্যাটো উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে কয়- হেমকোষে অসমীয়া জাতিটোৰ অস্তিস্ব ৰক্ষা কৰিলে। অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ মূল নায়কগৰাকী আছিল হেমচন্দ্ৰ বৰুৱা।

আজিৰ পৰা ১২৫ বছৰ আগত এখন অভিধান বটানিকেল নাম দিয়াতো এক আশ্বাৰ্য্যজনক কথা। অসমীয়া ভাষাটোৱে আজি যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে তাৰ শতকৰা ৯০ ভাগ শ্ৰদ্ধাৰ পাত্ৰ হেমচন্দ্ৰ বৰুৱা। তেওঁ সাতসৰীৰ এই প্ৰয়াসক উচ্চ প্ৰশংসা কৰে।

WhatsApp Image 2025-11-30 at 1.41.59 PM (1)
সাতসৰীৰ বিশেষ সংখ্যা মুকলি

তাৰপাছতে চমু ভাষণ আগবঢ়াই সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। তেওঁ ভাষণত উল্লেখ কৰে যে- যি গৰাকী হেমচন্দ্ৰ বৰুৱাই বঙালী ভাষাৰ কৰাল গ্ৰাসৰ পৰা অসমীয়া ভাষাটোক পুনৰ উদ্ধাৰৰ উদ্দেশ্যে তথা ভাষাটো পুনৰ প্ৰচলনৰ বাবে এখন অভিধান প্ৰণয়ণ কৰি এই থৈ গ'ল সেই গৰাকী হেমচন্দ্ৰ বৰুৱাক তেওঁৰ জন্ম অথবা মৃত্যু দিৱসত স্মৰণ কৰিবলৈ পৰিয়ালটো আৰু কিছু সংগঠনৰ বাদে কাৰো আহৰি নাই। আজিকোপতি মই চৰকাৰৰ ফালৰ পৰাও তেনে সৎ ইচ্ছা দেখা নাপালো। জাতিটোৰ বাবে এইটো অতি দুৰ্ভাগ্যজনক। তথাপিও আমি অসমীয়া জাতি আৰু ভাষাটোৰ বাবে কাম কৰি যাম, আমাক কাৰো স্বীকৃতি নালাগে।

WhatsApp Image 2025-11-30 at 1.41.59 PM (1)
সাতসৰীৰ বিশেষ সংখ্যা মুকলি

অনুষ্ঠানটিত চমু ব্যক্তব্য ৰাখে এই বিশেষ সংখ্যাটো অতিথি সম্পাদক অৰবিন্দ ৰাজখোৱাই। সাতসৰী সংখ্যাটো অতিথি সম্পাদকৰ দায়িত্ব লৈ অতিথি সম্পাদকৰ কলমত ড০ ৰাজখোৱাই লিখিছে- প্ৰায় ডেৰকুৰি সংস্কৰণেৰে হেমকোষ এতিয়াও জাতীৰ প্ৰেৰণাৰ আধাৰ হৈ আছে। এই অনুষ্ঠানত অংশ লৈ তেওঁ কেনেকৈ হেমকোষ প্ৰণয়নৰ সময়ৰ পৰাই অসমীয়া ভাষালৈ প্ৰাণৰ সঞ্চাৰ ঘটিছিল সেই কথা আলোকপাত কৰে।

অনুষ্ঠানটিত সাৰুৱা ভাষণেৰে হেমকোষৰ মৰ্যদা অসমীয়া জাতিয়ে কিদৰে দিছে তাৰ বাখ্যা কৰে ড০ মালিনী গোস্ৱামীয়ে। তেওঁ কয়- হেমকোষ এখন জাতি উদ্ধাৰকাৰী ঢাল। এই অভিধানখনে ১২৫ টা বৰ্ষ পাৰ কৰা হেতুকে সাতসৰীয়ে এই অভিলেখ ৰাখি আজি ইয়াক উদযাপনৰ ব্যৱস্থা কৰিলে। এয়া অতিকে মহৎ কাম। কোনোবাই হেমকোষক স্বীকৃতি দিয়ক-নিদিয়ক, অসমৰ প্ৰতিটো পৰিয়ালে হেমকোষখন মেলিয়েই আগবাঢ়ি আহিছে।

1
উপস্থিত মালিনী গোস্ৱামী

প্ৰায় ৪৫ মিনিট ধৰি অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সাদিন-প্ৰতিদিন গোষ্ঠীৰ বহু কেইগৰাকী সাংবাদিক তথা সংবাদকৰ্মী উপস্থিত থাকে। অনুষ্ঠানৰ শেষত বিশিষ্ট অতিথি সকলত শলাগৰ শৰাই আগবঢ়াই অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই।

WhatsApp Image 2025-11-30 at 1.42.02 PM
সাতসৰীৰ বিশেষ সংখ্যা মুকলি

উল্লেখযোগ্য যে, সাতসৰীৰ এই বিশেষ সংখ্যাটোত মুঠ ১২ টা লেখা হেমকোষ সন্দৰ্ভত প্ৰকাশ কৰা হৈছে। এই লেখা সমূহ লেখিছে ক্ৰমে- বসন্ত কুমাৰ গোস্ৱামী, লক্ষীনাথ তামুলী, ড০ উপেন ৰাভা হাকাচাং, ড০ বিশ্বজিত দাস, ড০ ভাস্কৰজ্যোতি শৰ্মা, ড০ দীপকজ্যোতি মহন্ত, ড০ জয়ন্ত কুমাৰ বৰা, ড০ স্মৃতিৰেখা ভূঞা,ড০ জ্যোতিষ্মান দাস, পংকজ কুমাৰ মেধি আৰু অৰবিন্দ ৰাজখোৱাই।

হেমকোষ