/asomiyapratidin/media/media_files/2025/08/11/satriya-11-2025-08-11-20-33-31.jpg)
ডিজিটেল ডেস্কঃ সত্ৰীয়া সংস্কৃতিৰ যৌথ মঞ্চ সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ, অসমৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ভিন্ন কাৰ্যসূচীৰে ‘সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ ২০২৪-২৫’ ৰ আয়োজন কৰা হৈছে৷ সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি অহা ৬ ছেপ্তেম্বৰৰ পৰা ৯ ছেপ্তেম্বৰলৈ চাৰিদিনীয়াকৈ এইবাৰ যোৰহাটৰ ৰজাবাৰীৰ,গড়আলিৰ সত্ৰ মহাসভাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে এই সমাৰোহ।
এই সমাৰোহৰ লগত সংগতি ৰাখি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰিছে৷ সেই অনুসৰি নিৰ্ধাৰিত বয়স অনুসৰি ‘ক’ আৰু ‘খ’ দুটা শাখাত একক আৰু দলীয়ভাৱে সত্ৰীয়া নৃত্য, ‘ক’ আৰু ‘খ’ দুটা শাখাত এককভাৱে বৰগীত আৰু খোলবাদন, দলীয়ভাৱে এটা শাখাত গায়ন, বায়ন আৰু সত্ৰীয়া ওজাপালি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷
সত্ৰীয়া নৃত্য(একক আৰু দলীয়),বৰগীত, খোলবাদনৰ একক প্ৰতিযোগিতাৰ ‘ক’ শাখাৰ বাবে প্ৰতিযোগীৰ নিৰ্ধাৰিত বয়স ১০বছৰৰ পৰা ১৫বছৰলৈকে আৰু ‘খ’ শাখাত ১৬ বছৰৰ পৰা ২৫বছৰলৈকে ধৰা হৈছে৷ আনহাতে দলীয়ভাৱে এটা শাখাতেই পৰিৱেশন কৰিবলগীয়া ল’ৰা আৰু ছোৱালীৰ গায়ন বায়ন আৰু সত্ৰীয়া ওজাপালিৰ প্ৰতিযোগিতাৰ প্ৰতিযোগীৰ বয়স ১০ বছৰৰ পৰা ২৫ বছৰলৈকে নিৰ্ধাৰণ কৰা হৈছে৷
প্ৰতিযোগিতাৰ প্ৰতি শাখাতে তিনিটাকৈ পুৰস্কাৰ থাকিব৷বিজয়ী প্ৰতিযোগীক প্ৰমাণপত্ৰ, স্মাৰকৰ লগতে নগদ ধনৰে পুৰস্কৃত কৰা হ’ব৷অংশগ্ৰহণকাৰী সকলো প্ৰতিযোগীকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ দিয়া হ’ব৷ একক প্ৰতিযোগিতাৰ দুয়োটা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ পুৰস্কাৰ হিচাপে ক্ৰমে ৫০০০, ৩০০০আৰু ২০০০টকা আগবঢ়োৱা হ’ব৷
সেইদৰে দলীয় প্ৰতিযোগিতাৰ ‘ক’ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে ক্ৰমে ৮০০০, ৫০০০ আৰু ৩০০০টকা পুৰস্কাৰৰ ধন আগবঢ়োৱাৰ লগতে গায়ন, বায়ন, সত্ৰীয়া ওজাপালি আৰু দলীয় নৃত্যৰ ‘খ’ শাখাৰ প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে ক্ৰমে ১০০০০, ৭০০০ আৰু ৫০০০টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব৷
অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাত সম্পূৰ্ণ শুদ্ধ সত্ৰীয়া ৰূপত শুদ্ধ সাজপাৰৰে পৰিৱেশন কৰিব লাগিব৷একক প্ৰতিযোগিতাৰ বাবে ভৰ্তি মাচুল ৫০০ টকা আৰু দলীয়ৰ বাবে ১০০০টকা ধাৰ্য কৰা হৈছে৷ প্ৰতিযোগীসকলে বয়সৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণ পত্ৰৰ ফ’টোকপি জমা দিব লাগিব৷
প্ৰতিযোগীসকলৰ আৱেদন পত্ৰ, মাচুলৰ সৈতে ২৫ আগষ্টৰ ভিতৰত জমা দিব লাগিব৷ প্ৰতিযোগিতাৰ মাচুল আৱেদন পত্ৰত দিয়া কিউ আৰ কোডত জমা দি স্ক্ৰীণশ্বট ৯১০১৫৭৮৫১০ নম্বৰত পঠিয়াব লাগিব৷ আগ্ৰহী প্ৰতিযোগীসকলে আৱেদন পত্ৰসমূহ www.SatriyaSanskritikMohaparishad.org ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল’ব পাৰিব বুলিও উদ্যোক্তাসকলে জানিবলৈ দিছে৷