/asomiyapratidin/media/media_files/2025/12/21/whatsapp-image-2025-12-21-21-34-05.jpeg)
ডিজিটেল ডেস্কঃ অসমৰ প্ৰাণৰ শিল্পী, অসমৰ জাতীয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ সম্পদ জুবিন গাৰ্গক কেন্দ্ৰ কৰি ৰাজ্যজুৰি গভীৰ শোক, বেদনা আৰু উৎকণ্ঠাৰ পৰিৱেশ অব্যাহত থকাৰ সময়তেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত প্ৰথমবাৰলৈ অসম ভ্ৰমণলৈ আহে। এই প্ৰসংগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈয়ে এক বিবৃতিত কয় যে , এই সংবেদনশীল সময়ত অসমবাসীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা আশা কৰিছিল আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ প্ৰধানমন্ত্ৰীগৰাকী জুবিন ক্ষেত্ৰলৈ আহিব, অন্ততঃ সহানুভূতিপূৰ্ণ এটা এষাৰ মাত দিব! কিন্তু দুখৰ বিষয় যে সেইয়া হৈ নুঠিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/8241c128-80df-47bf-b012-d178e1de9f00-2025-12-21-21-32-43.jpeg)
এই সহিব নোৱাৰা সময়ছোৱাত জুবিন গাৰ্গৰ পৰিয়ালৰ কাষত থিয় হ’বলৈও প্ৰধানমন্ত্ৰীগৰাকীৰ সময় নোলাল। তদুপৰি, প্ৰধানমন্ত্ৰীৰ বিভিন্ন দলীয় আৰু ৰাজহুৱাভাৱে সম্বোধন কৰা ভাষণতো আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰসংগত—বিশেষকৈ ন্যায় আৰু সহানুভূতিৰ বিষয়ত—এটা শব্দো ফুটি নুঠিল; জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ বা সুঁৱৰিছো বুলি নামটোও উচ্চাৰণ কৰা নহ'ল। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত বিমান বন্দৰ আদানীক হস্তান্তৰ কৰিলে, ছহিদসকলক স্মৰণ কৰিলে, বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে নিৰ্বাচনী আলোচনা কৰিলে, ছাত্ৰ-ছাত্ৰীৰ সৈতে 'পৰীক্ষা পে চৰ্চা',দলীয় সভা আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিলে। কিন্তু অসমবাসীৰ মৰমৰ, অসমৰ আত্মাৰ প্ৰতীক জুবিন ক্ষেত্ৰলৈ যোৱাৰ বাবে কিয় সময় উলিয়াব নোৱাৰিলে? কিয় শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰয়োজন বোধ নকৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে? ইয়াৰ পাছত স্বাভাৱিকতেই কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হয়- কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু দিল্লীৰ ৰাষ্ট্ৰযন্ত্ৰৰ অসমৰ প্ৰতি কিমান দৰদ আছে?
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/dfd997e8-bc70-4e35-870a-5c02e993989e-2025-12-21-21-33-02.jpeg)
আমাৰ শিল্প, আমাৰ সংস্কৃতি আৰু আমাৰ অনুভৱৰ প্ৰতি তেওঁলোকৰ কিমান শ্ৰদ্ধা আছে?এইয়া তাৰ প্ৰমাণ নেকি? এইদৰে প্ৰশ্ন মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে। লগতে পিণ্টু গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুয়োকে প্ৰশ্ন কৰি কয়— জুবিন গাৰ্গে অসমীয়া জাতীয়তাবাদৰ পক্ষত স্পষ্টভাৱে থিয় দিয়াৰ বাবে, নাগৰিকত্ব সংশোধনী আইন (কা’)ৰ বিৰোধিতা কৰা আৰু জীৱিত কালত জুবিন গাৰ্গে কথা প্ৰসংগত 'অসমে চাহ দি আছোঁ, কয়লা দিছোঁ, তেল দিছোঁ, গঁড় দি আছোঁ, জুবিন গাৰ্গ দি আছোঁ, ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইংলিছ ক'ব নাজানে ' জুবিন গাৰ্গে এনেদৰে কোৱাৰ বাবেই এই অৱহেলা কৰি অসম ৰাইজক দেখুৱালে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে?
গগৈয়ে লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সংকুচিত কৰাৰ লগতে অসমৰ শিল্প-সংস্কৃতি আৰু জনগণৰ অনুভৱৰ প্ৰতি উদাসীনতাৰ ধাৰা শক্তিশালী কৰিছে। এনে পৰিস্থিতিত প্ৰতিজন অসমীয়াই নিজকে প্ৰশ্ন কৰিবৰ হ'ল আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাই জাতিটোক সকিয়াই যোৱাৰ কথাষাৰ মনত পেলাবৰ হ'ল—আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ এই সময়ছোৱাত নৰেন্দ্ৰ মোডীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ কৰা অৱহেলাই আমাক জাতিটোক সকিয়াই থৈ গ'ল বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us