/asomiyapratidin/media/media_files/2025/11/20/1-2025-11-20-15-41-45.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ এগৰাকী প্ৰবীণ জাতীয়তাবাদী নেতা, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু, প্ৰবীণ সমাজ সংগঠক সতীশ দাসৰ দেহাৱসান। ঘিলামৰাৰ ধেনুখণা বাটমাৰী পুঠিখাটি গাঁও নিবাসী দাসে বৃহস্পতিবাৰে মাজ নিশা ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নিয়া অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ।
মৃত্যুৰ সময়ত দাসৰ বয়স হৈছিল প্ৰায় ৬৫ বছৰ। ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত মধুপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰা দাসৰ বিয়োগত ঢকুৱাখনাত শোকৰ বন্যা প্ৰবাহিত হৈছে। বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান সংগঠনৰ সতে নিবিড় ভাবে আমৃত্যু জড়িত হৈ অহা দাসে মৃত্যুৰ সময়ত দুই পুত্ৰ এগৰাকী কন্যা সহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ গৈছে।
একালত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ঢকুৱাখনা জিলা সমিতিৰ এগৰাকী অগ্ৰণী সক্ৰিয় নেতা হিচাবে আৰু জিলা সমিতিৰ অন্তৰ্গত হাৰ্হি মাণ্ডলিকৰ সভাপতি হিচাবে দাসে অতুল্য সাংগঠনিক সেৱা আগবঢ়াই গৈছে। পশ্চিম মাছখোৱা অঞ্চলত অসম জাতীয় পৰিষদৰো সবল সাংগঠনিক ভেঁটি গঢ়ি যোৱা দাসে চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পৰৱৰ্তী সময়ত বাটমাৰীৰ পুঠিখাটি অঞ্চলত ব্যৱসায় স্থাপনেৰে স্বচ্ছন্দময় জীৱন অতিবাহিত কৰিছিল।
এদিন আগলৈকে স্বাভাৱিক ভাবেই দিন অতিবাহিত কৰা দাসে বুধবাৰে সামান্য অসুস্থতা অনুভৱ কৰাত প্ৰথমে ধেমাজিলৈ চিকিৎসাৰ বাবে নিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত আৰু জৰুৰী চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ সময়তে সকলোকে শোক সাগৰত পেলাই শেষ নিশ্বাস ত্যাগ কৰে।
বাটমাৰী অঞ্চলৰ এগৰাকী অগ্ৰণী সমাজ হিতৈষী ব্যক্তিৰ আকস্মিক বিয়োগত গভীত শোক প্ৰকাশ কৰিছে অগপৰ ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ সভাপতি দুলাল দত্ত আৰু সম্পাদক সমুজ্জল চেতিয়াই। দুই নেতৃত্বই দাসৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে মর্মাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us