/asomiyapratidin/media/media_files/2025/09/07/277-2025-09-07-17-30-39.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে অসম সাহিত্য সভাৰ অন্যতম পথিকৃৎ জিলা "কামৰূপ মহানগৰ জিলা সাহিত্য সভা"ৰ উদ্যোগত শাখা সভা আৰু জিলা সাহিত্য সভাৰ মাজত সু-সম্বন্ধ, সমন্বয়, একতা গঢ়াৰ মানসেৰে "সতীৰ্থ সমন্বয় যাত্ৰা"ৰ অংশ হিচাপে চান্দমাৰি, জ্যোতিনগৰ, বামুণীমৈদান, গনেশনগৰ আৰু গীতানগৰ শাখা সভাসমূহলৈ গৈ মত বিনিময় কৰে। জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন আৰু সম্পাদক অৰুণ কুমাৰ মহন্তৰ নেতৃত্বত যোৱা সজাঁতি দলটোত সহকাৰী সম্পাদক মুকুট দাস, প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা, সাংগঠনিক সম্পাদক ধনজিৎ তালুকদাৰ আৰু বৃত্তিয় উপদেষ্টা কাৰ্তিক চন্দ্ৰ নাথে অংশগ্ৰহণ কৰে।
পাঁচোটা শাখা সাহিত্য সভাই জিলা সাহিত্য সভাৰ দলটোক উষ্ম সম্ভাষণ জনায়। আনহাতে, চান্দমাৰি সাহিত্য সভাৰ হৈ অংশ লয় ভৰদ্বাজ ভট্টাচাৰ্য (সভাপতি), বন্তি শইকীয়া দত্ত (সম্পাদক), মঞ্জুলা বেগম, জীৱনী ডেকা, গোবিন চন্দ্ৰ ডেকা, আব্দুল তালেক, মনোমোহন মেধি, ড০ গীতা দত্ত চহৰীয়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/07/whatsap-2025-09-07-17-31-40.jpeg)
আকৌ, জ্যোতিনগৰ সাহিত্য সভাৰ হৈ ৰামকৃষ্ণ চক্ৰৱৰ্তী (সভাপতি), হিতেশ পাঠক (সম্পাদক), বাবুল চক্ৰৱৰ্তী, অৰুণ ৰাজবংশী,অশ্বিনী কুমাৰ শৰ্মা, স্বৰ্গেশ্বৰ স্বৰ্গীয়াৰী, ডা: দীপক মজুমদাৰ, বাবুল চন্দ্ৰ কলিতা, দীপিকা দাস, অনুৰাধা ভৰালী, কুলদানন্দ চৌধুৰী, কন্দৰ্প কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে। আনহাতে, বামুণীমৈদান সাহিত্য সভাৰ হৈ বিষ্ণু দত্ত (সভাপতি), অজয় দাস (সম্পাদক), অজিত ৰয়, ভূৱনেশ্বৰ তালুকদাৰ, প্ৰদীপ লহকৰ, মোন্নাফ আলী, নিৰ্মল দাস, জয়ন্ত ৰয়; গণেশনগৰ সাহিত্য সভাৰ হৈ শান্ত ৰাম দাস (ভাৰপ্ৰাপ্ত সভাপতি), নৱকান্ত মালাকাৰ( ভাৰপ্ৰাপ্ত সম্পাদক), জনাৰ্দন শৰ্মা, পুলক কলিতা, ভাৰতী মহন্ত, হৰেন্দ্ৰ নাথ কলিতা, দিবাকৰ কলিতা, ৰীণা দেউৰী, কল্পনা চৌধুৰী, দিবাকৰ পাটগিৰি; গীতানগৰ সাহিত্য সভাৰ হৈ দণ্ডিৰাম কাকতি (সভাপতি ), ৰূপা গোস্বামী (সম্পাদক), দুৰ্গেশ্বৰ পাঠক( প্ৰাক্তন কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক), বিনিতা নাথ, পদুমী পাঠক, বনজিৎ কুমাৰ পাঠক, অজিতা দেৱী হাজৰিকা, বন্দনা হাজৰিকা, ভূপেন শৰ্মা , দীপা গোস্বামী, ৰঞ্জিতা মৰাণ উপস্থিত থাকে।
জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে নিজৰ ভাষণত কয়-"ঐক্যতাৰে সকলো কাম সমাধা কৰিব পাৰি। শাখা সভা আৰু জিলা সভাৰ সমন্বয়ত অসম সাহিত্য সভাৰ গতিৰ এক নতুন মাত্ৰা পাব।" জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ কুমাৰ মহন্তই কয়- "শাখা সাহিত্য সভাৰ দুৰ্জেয় গতিতহে অসম সাহিত্য সভাৰ শক্তি বাঢ়ে। শাখা সাহিত্য সভা সমূহ শক্তিশালী হ'ব লাগে।"
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us