কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ "সতীৰ্থ সমন্বয় যাত্ৰা" অনুষ্ঠান

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা "কামৰূপ মহানগৰ জিলা সাহিত্য সভা"ই দেওবাৰে জিলাখনৰ অধীনস্থ শাখাসমূহৰ ওচৰলৈ যোৱাৰ মানসেৰে এক "সতীৰ্থ সমন্বয় যাত্ৰা"ৰ শুভ আৰম্ভণি কৰে

author-image
Asomiya Pratidin
New Update
166

ডিজিটেল সংবাদ, গুৱাহাটী : অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা "কামৰূপ মহানগৰ জিলা সাহিত্য সভা"ই দেওবাৰে জিলাখনৰ অধীনস্থ শাখাসমূহৰ ওচৰলৈ যোৱাৰ মানসেৰে এক "সতীৰ্থ সমন্বয় যাত্ৰা"ৰ শুভ আৰম্ভণি কৰে। জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন আৰু সম্পাদক অৰুণ কুমাৰ মহন্তৰ সৱল আৰু শক্তিশালী নেতৃত্বত আৰম্ভ কৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয় মহানগৰীৰ পূব প্ৰান্তৰ চন্দ্ৰপুৰ সাহিত্য সভাৰ পৰা ।

Advertisment

ইয়াৰ পিছত বোন্দা -বীৰকুছিৰ ৰঘুনাথ চৌধাৰী সাহিত্য সভা, নুনমাটি সাহিত্য সভা আৰু মঠঘৰীয়া সাহিত্য সভালৈ যাত্ৰা কৰে। অতি কম দিনৰ ভিতৰতে বাকী থকা শাখা সভা সমূহলৈ যাত্ৰা কৰিব। জিলা সাহিত্য সভাৰ সভাপতি -সম্পাদকৰ লগতে সহ: সম্পাদক মুকুট দাস,‌প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা, সাংগঠনিক সম্পাদক ধনজিৎ তালুকদাৰ, "ৰামধেনু"ৰ আহ্বায়ক বিতুমণি গোস্বামী, কবি সন্মিলনৰ আহ্বায়ক পিংকুমণি কলিতা উপস্থিত থাকে।

আনহাতে - চন্দ্ৰপুৰ শাখাৰ হৈ হিৰণ্য কুমাৰ ডেকা (সভাপতি),বিষ্ণুৰাম বড়ো,‌ ভূৱনেশ্বৰ ৰাজবংশী, অনন্ত কলিতা, মৃদুল দাস, বিশ্বজিৎ সৰকাৰ, আৰতি কলিতা, সাগৰিকা বড়ো দৈমাৰী, ৰতিকান্ত সাউদ, বৰ্ণালী ৰাজবংশী, জয়ন্ত ৰংহাং; ৰঘুনাথ চৌধাৰী শাখাৰ হৈ বৈকুণ্ঠ নাথ দাস (সম্পাদক), দীপক শৰ্মা, গজেন চন্দ্ৰ নাথ, হিতেশ চন্দ্ৰ দাস,  নুনমাটি শাখাৰ হৈ অশোক চক্ৰ তালুকদাৰ(সভাপতি), ভূপেন ভাগৱতী (সম্পাদক), ড০ যাদৱ কলিতা, নৰেন ৰয়, লোকনাথ বৰুৱা, চন্দ্ৰ দাস, উত্তম কাকতি; মঠঘৰীয়া শাখাৰ হৈ অনিল চন্দ্ৰ চৌধুৰী (সভাপতি), পিংকুমণি কলিতা (সম্পাদক), কামেশ্বৰ কলিতা, যোগেশ্বৰ কুমাৰ, মোহন চক্ৰৱৰ্তী, অনামিকা কলিতা, নৱনিতা ভৰালী ডেকা, চাৰু দাস, নপুৰাম কলিতা, নিৰোদ চন্দ্ৰ ভাগৱতী, ৰাতুল চন্দ্ৰ দাস, অন্নদা বড়ো ৰংপী, প্ৰদীপ শৰ্মা উপস্থিত থাকে।

জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে ভাষণ প্ৰসংগত কয়- "শাখা সাহিত্য সভাসমূহ অসম সাহিত্য সভাৰ হৃদপিণ্ড। শাখা শক্তিশালী হ'লে অসম‌ সাহিত্য সভা শক্তিশালী হ'ব। শাখা সভাৰ হাততেই সঞ্জীৱনী শক্তি নিহিত হৈ আছে।" সম্পাদক অৰুণ কুমাৰ মহন্তই ভাষণত কয়-‌"কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত ৬৫ শাখাৰ ইতিহাসৰ সংকলন এখন অতি কম দিনৰ ভিতৰতে প্ৰকাশ কৰিব। সকলো শাখাই শুদ্ধ তথ্য দিবলৈ আহ্বান জনায়।" 

সাহিত্য সভা