/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/62930074-adb6-433b-a624-9337c772bd1d/sadhini.jpg)
ডিজিটেল ডেস্ক: আজি সতী সাধিনী দিৱস। প্ৰতি বছৰে ৭ ব’হাগত অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক সতী সাধিনীক স্মৰণ কৰি সমগ্ৰ অসমতে এই দিৱস পালন কৰা হয়। বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত অসমীয়া বীৰাংগনাসকলৰ ভিতৰত অন্যতম সতী সাধনী। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল।
সাধনী অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল ওৰফে ধীৰনাৰায়ণৰ একমাত্ৰ কন্যা। তেওঁৰ পুত্ৰ সন্তান নাছিল। সাধনীৰ জন্ম আনুমানিক ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি জানিব পাৰি। সন্তান লাভৰ কাৰণে ঈশ্বৰৰ আগত সাধনা কৰাৰ বাবে পিতৃ ধীৰনাৰায়ণে তেওঁৰ কন্যাক ‘সাধনী’ নাম দিছিল।সাধনীৰ আন এটা নাম আছিল ‘তেজা’। অৱশ্যে, বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।
কন্যা সাধনীৰ বাবে যোগ্য জোৱাঁই নোপোৱাত ৰজা চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল শৱদিয়া মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই থিৰাং কৰিলে যে, যিয়ে কেৰ্কেটুৱাটো একেপাত কাঁড়তে বিদ্ধ কৰিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব। ৰজাৰ কথামতে এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতাইয়ে কেৰ্কেটুৱাটো বধ কৰে আৰু ৰজাই নিতাইৰ হাততে তেওঁৰ কন্যাৰ বিবাহ সম্পন্ন কৰে। আনহাতে, পুত্ৰ সৰু হৈ থকাত নাবালক পুত্ৰ সাধকনাৰায়ণৰো দায়িত্ব সাধনীক দি ৰাণীৰ সৈতে ৰজা ধৰ্মধ্বজপালে সন্ন্যাস গ্ৰহণ কৰে।
ৰাজ সিংহাসনত আৰোহণ কৰি নিতাইয়ে নীতিপাল নাম লয়। নীতিপালৰ শাসনভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে।আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰজা ৰাণী আৰু সৈন্য-সামন্তই চন্দনগিৰি পৰ্বতত আশ্ৰয় লয়। ৰাণী সাধনী আৰু নাৰী সৈন্যই লগত ধনু, কাঁড়, যাঠিলৈ শেষ মুহূৰ্তলৈকে যুদ্ধত আহোমক পৰাস্ত কৰিবলৈ চেষ্টা কৰে। আহোম সৈন্যই চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণৰ চেষ্টা চলাই কিন্তু সাধনীৰ নেতত্বত চুতীয়া নাৰী বাহিনীয়ে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে। নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়াসকলক বলে নোৱাৰাত আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়। তেওঁলোকে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে।এনেদৰে নীতিপালক আহোমসকলে হত্যা কৰিলে। সাধনীক আহোম সেনাপতিয়ে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই ৰাজৰাণীও পতা হ’ব বুলি আস্থা দিয়ে। কিন্তু তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।
এইগৰাকী মহান নাৰীয়ে ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগত আত্ম বলিদান দিছিল । তেতিয়াৰে পৰা ৭ ব’হাগত সতী সাধনীক স্মৰণ কৰি সমগ্ৰ অসমীয়াই পালন কৰে সতী সাধনী দিৱস। উল্লেখযোগ্য যে, সাধনীৰ সেই নাৰী বাহিনীয়েই আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী৷
Also Read: ঘৰখনৰ মংগলৰ বাবে কোন দিশে কোঠাসমূহ থাকিব লাগে জানেনে?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us