কাইলৈ ষট পূজা : মানকাচৰত ব্যাপক প্ৰস্তুতি

দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মানকাচৰতো ষট পূজাৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে। মানকাচৰৰ অশোকাষ্টমী মেলা ময়দানৰ কাষতে থকা কালো নৈৰ পাৰত ষট পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে

author-image
Asomiya Pratidin
New Update
52

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মানকাচৰতো ষট পূজাৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে। মানকাচৰৰ অশোকাষ্টমী মেলা ময়দানৰ কাষতে থকা কালো নৈৰ পাৰত ষট পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ।

পূজাৰ বাবে সমগ্ৰ পূজাঘাট চাফা কৰাৰ লগতে নদীৰ পাৰ আদিও পৰিষ্কাৰ কৰি তোলা হৈছে। সজাই পৰাই তোলা হৈছে অশোকাষ্টমী মেলা ঘাট । 

সূৰ্য দেৱতাৰ পূজা অৰ্চনাৰ বাবে এটা আটকধূনীয়া মণ্ডপ নিৰ্মাণ কৰা হৈছে মানকাচৰত। বিশেষকৈ মাৰোৱাৰী সম্প্ৰদায়ৰ ধৰ্মপ্ৰাণ লোকসকলে সোমবাৰে সন্ধিয়া সূৰ্য্য দেৱতাক প্ৰণাম জনাই ষট পূজা উদযাপন কৰিব।

আনহাতে ২৮ অক্টোবৰ পুৱাৰ সূৰ্য উদয়ৰ প্ৰাকক্ষণত অর্ঘ অনুষ্ঠিত হ’ব। মানকাচৰৰ ষট পূজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে পূজা সমিতিয়ে। 

ষট পূজা