/asomiyapratidin/media/media_files/2025/10/28/68-2025-10-28-16-54-34.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰৰ চাৰিদুৱাৰতো ষট পূজা উদযাপন কৰা দেখা গৈছে। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷
উৎসৱ পাৰ্বনসমূহতোউৎসাহ-উদ্দীপনাৰ পৰিৱৰ্তে এনে পৰিবেশ দেখিবলৈ পোৱা গ'ল চাৰিদুৱাৰত। চাৰিদুৱাৰৰ মানশিৰি নদীৰ পূজাৰ ঘাটত এইবাৰ জনসমাগম অতি কম দেখিবলৈ পোৱা যায়।
বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই মানশিৰি নদীৰ ঘাটত আয়োজন কৰা হয় ষট পূজাৰ। পুৱতি নিশাৰ পৰাই এনেদৰে ভক্তই পানীত নামি সূৰ্য্য দেৱতাক আৰাধানা কৰা দেখিবলৈ পোৱা যায়।
উল্লেখ্য যে পূজাস্থলীত অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে সকলো ভক্তপ্ৰাণ ৰাইজে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us