ছৌদি আৰৱত থকা বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰত ইৰানৰ আক্ৰমণ

মাধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা। ছৌদি আৰৱত থকা বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰত ইৰানে চলাই আক্ৰমণ।

author-image
Asomiya Pratidin
New Update
new ap web 11-1g

ডিজিটেল ডেস্কঃ  মাধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা। ছৌদি আৰৱত থকা বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰত ইৰানে চলাইছে আক্ৰমণ। ছৌদি আৰৱৰ ৰাছ তানুৰাত থকা বিশ্বৰ সৰ্ববৃহৎ তেল উৎপাদক সংস্থা 'ছৌদি আৰামকো'ৰ তেল শোধনাগাৰত ড্ৰ’নেৰে আক্ৰমণ কৰে ইৰানে। এই আক্ৰণত ধ্বংস কৰাৰ কিছু ছেটেলাইট ফটো পোহৰলৈ আহিছে। 

image (58)

উল্লেখ্য যে, এই আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে- ছৌদি আৰৱৰ সৰ্ববৃহৎ তেল শোধনাগাৰ আৰামকোত ইৰানৰ ড্ৰ'নেৰে আক্ৰমণ কৰাত ৰাছ তনুৰা শোধনাগাৰৰ সকলো কাম-কাজ সাময়িকভাৱে বন্ধ হৈ পৰে। যাৰ ফলত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। 

আনফালে এই আক্ৰমণ সন্দৰ্ভত ছৌদি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰি কয় যে-  ৰাছ তনুৰা শোধনাগাৰক লক্ষ্য কৰি দুটাকৈ ড্ৰ’ন আক্ৰমণ সংঘটিত কৰা হয় । যদিও আক্ৰমণৰ সময়ত অগ্নিকাণ্ড সংঘটিত হৈছিল যদিও দ্ৰুতগতিত নিয়ন্ত্ৰণলৈ অনা হৈছিল। এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।WhatsApp Image 2026-03-03 at 2.27.12 PM

ছৌদি আৰৱ