এতিয়াৰে পৰা জুবিন আপোনালোকৰ মাজতেই থাকিবঃ সৰুসজাইত গৰিমা গাৰ্গ...

কাহিলিপাৰাত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পাছত জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে লৈ যোৱা হয় সৰুসজাইলৈ।  এই অনুষ্ঠানত উপস্থিত লক্ষ লক্ষ জনতাক সম্বোধন কৰি আবেগিক হৈ পৰে পত্নী গৰিমা গাৰ্গ।

author-image
Asomiya Pratidin
New Update
ujjjjd

ডিজিটেল ডেস্কঃ কাহিলিপাৰাত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পাছত জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে লৈ যোৱা হয় সৰুসজাইলৈ।  এই অনুষ্ঠানত উপস্থিত লক্ষ লক্ষ জনতাক সম্বোধন কৰি আবেগিক হৈ পৰে পত্নী গৰিমা গাৰ্গ। দুচকুত চকুলো আৰু থুকা-থুকি মাতেৰে গৰিমা গাৰ্গে সকলো জুবিন প্ৰেমীক শৃংখলাৱদ্ধ আৰু শান্তিপ্ৰিয়ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে, জুবিনে সদায় মানুহৰ মাজত থাকি ভাল পাইছিল। জুবিনে সকলোকে এক কৰিব বিচাৰিছিল। আজি সকলো এক হৈ জুবিনৰ শ্ৰদ্ধা জনাবলৈ ওলাই আহিছে, মই হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এতিয়াৰে জুবিন আপোনালোকৰ মাজতেই থাকিব। জুবিনৰ পৰা মই নিস্বাৰ্থভাৱে সকলোকে ভাল পাবলৈ শিকিলো। 

থুকাথুকি মাতেৰে গৰিমা গাৰ্গে লগতে অসম চৰকাৰ, প্ৰশাসন আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰি কয় যে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি ব্যৱস্থা গ্ৰহণ কৰি নিজেই সকলোখিনি তদাৰক কৰিছে তাৰ বাবে মই ধন্য়বাদ জ্ঞাপন কৰিছো। আৰক্ষীৰ লোকসকলৰ লগতে আপোলোক ৰাইজলৈ মই সেৱা জনাইছো। 

উল্লেখযোগ্য যে, সৰুসজাইত জুবিনক শেষ শ্ৰদ্ধা জনাবলৈ সমবেত হৈছে ২০লক্ষাধিক লোক। পৰ্যায়ক্ৰমে সকলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। ইফালে কেতিয়ালৈকে এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি পৰ্ব অব্যাহত থাকিব তাৰ সময়সীমা কেবিনেট বৈঠক সিদ্ধান্ত লব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে।

জুবিন গাৰ্গ