/asomiyapratidin/media/media_files/2025/11/02/ftrdefefrerfer-2025-11-02-17-31-57.jpg)
ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাট চিলনীজান ৰাজহুৱা খেলপথাৰত সীমান্তবাসী ৰাইজৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত সীমান্তবাসী ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰা আৰু অসম নাগালেণ্ড সীমা সমস্যা সুৰক্ষা প্ৰদানৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
নগা দুৰ্বৃত্তৰ উপদ্ৰপক লৈ উৰিয়ামঘট বিভিন্ন অঞ্চলত অব্যাহত আছে আতংকমই পৰিবেশ। বুধবাৰে অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলৰ অসম চৰকাৰে ৰোপণ কৰা হাজাৰ হাজাৰ গছ পুলি কাটি পেলাইছিল নগা দুস্কৃতিকাৰীয়ে। উৰিয়ামঘাট সোণাৰিবিল অঞ্চলত বন বিভাগে ৰোপণ কৰা গছ পুলি কাটি নগা দুৰ্বৃত্তই চলাইছিল অতপালি।
নগা দুস্কৃতিকাৰি কবলত পৰা অসমৰ ভূমি ,বনজ সম্পদ আৰু সীমান্তৰ জনসাধাৰণৰ জীৱন সম্পত্তি ৰক্ষণাবেক্ষণ দিয়াত শীঘ্ৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবীত বিক্ষোপ কায্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজ আৰু গল সংগঠনে। বিক্ষোভ কাৰ্যসূচীৰ অন্তত সাতটাকৈ দাবী সম্বলিত এখন স্মাৰক পত্ৰ গোলাঘাট জিলাৰ আয়ুক্তৰ যোগেদি অসম চৰকাৰৰ মূখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইফালে, অসম-নগালেণ্ড সীমা সমস্যা সমাধান কৰা, সীমান্তৰ চি' হেক্টৰ অন্তৰ্গত উচ্ছেদিত অঞ্চলত সোনাৰী বিল, বিদ্যাপুৰ আৰু দলনীপথাৰত একোটাকৈ অসম আৰক্ষীয়ে বেটেলিয়ন, অসম ফৰেষ্ট আৰু আসাম ৰাইফলছৰ একোটাকৈ চাউনী স্থাপন কৰা, সীমান্তৰ খিলঞ্জীয়া লোকৰ জীৱন-সম্পতি সুৰক্ষা নিশ্চিত কৰা,১৯৯৭ চনত নগাৰ হাতত প্ৰান আহুতি দিয়া বেনু তাঁতী আৰু নৰেন্দ্ৰ কাৰ্কী ছেত্ৰীক শ্বহীদ হিচাপে ঘোষণা কৰা, উৰিয়ামঘাট অৱস্থিত ১৪২ নং চি আৰ পি এফৰ মূখ্য চাউনীটো সীমান্তত অৱস্থিত উপ চাউনীলৈ হস্তান্তৰ কৰা, উচ্চেদ কৰি বে দখল মুক্ত কৰা অসমৰ ভূমিত নগাৰ আগ্ৰাসন ৰোধ কৰা আৰু খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰা আদিকে লৈ কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us