চাৰিদুৱাৰৰ দুটাকে স্থানত মকড্রিল কার্যসূচী ৰূপায়ণ

জিলা দুর্যোগ ব্যৱস্থা কর্তৃপক্ষৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকাৰীৰ সহযোগত চাৰিদুৱাৰৰ দুটাকে স্থানত মকড্রিল কার্যসূচী ৰূপায়ণ কৰে। এই মকড্রিলৰ জৰিয়তে ছাত্র-ছাত্রীসকল লগতে স্থানীয় ৰাইজ উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰত বাজি উঠিল চাইৰেনৰ শব্দ। প্রবল ভূমিকম্পৰ জোকাৰণি আৰু ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছতে চাৰিদুৱাৰ ৰাজহ চক্র কার্যালয়ত চাইৰেনৰ শব্দ বাজি উঠে। তাৰ পিছতে চৰকাৰী বিভাগৰ লোকসকলৰ মাজত হুৱাদুৱা লাগে। প্রাকৃতিক দুৰ্যোগৰ ফলত কেইবাজনো লোক আৰু ছাত্র-ছাত্রীসকল গুৰুতৰ ভাবে আঘাতপ্রাপ্ত হয়।

বৃহত্তৰ চাৰিদুৱাৰ অঞ্চলত ভূমিকম্প আৰু অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে ৰঙাপৰা সম-জিলা কাৰ্যালয়ৰ আয়ুক্ত সংস্কৃতি সোনামী, চাৰিদুৱাৰ ৰাজহ চক্র বিষয়া ডা° ক্ষীবোদ কমল হাজৰিকা, চাৰিদুৱাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া সতীশ চাহু, চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ দুর্যোগ ব্যৱস্থাপনা ক্ষেত্র বিষয়া অভিলাশা মহন্তকে ধৰি কৃষি বিভাগ, স্বাস্থ্য বিভাগ, চাবিদুৱাৰ যান-বাহন বিভাগ, নাগৰিক প্রতিক্ষা বিভাগ, ৰেডিঅ' যোগাযোগ বিষয়া, তেজপুৰ লোক নির্মাণ বিভাগ, অগ্নিনির্বাপক বাহিনী, বালিপৰা-ৰঙাপৰা সংহত শিশু উন্নয়ন প্রকল্প বিষয়া, ৰেচন বিভাগ, সেনা বাহিনী, চাৰিদুৱাৰ অঞ্চলৰ গাঁও প্রধান আৰু মণ্ডলসকল লগে লগে চাৰিদুৱাৰ ৰাজহ কাৰ্যালয়ত উপস্থিত হয়। 

জিলা প্রশাসনৰ ৰেডিঅ' যোগাযোগৰ মাধ্যমৰে চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্র-ছাত্রীসকল আহত আৰু কন্যকা ব্যায়ামাগাৰাৰ সমীপত থকা এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰে ৰঙাপৰা সম-জিলা কাৰ্যালয়ৰ আয়ুক্ত সংস্কৃতি সোনামীয়ে। কন্যকা ব্যায়ামাগাৰাৰ সমীপত সংঘটিত হোৱা অগ্নিকাণ্ড তৎক্ষণাত অগ্নিনির্বাপক বাহিনীৰ  বাহনে নির্বাপিত কৰাৰ লগতে তেওঁলোকে ব্যায়ামাগাৰাত আবদ্ধ হৈ থকা তিনিজন যুৱকক লগে লগে উদ্ধাৰ কৰি তললৈ নমাই আনে। ইপিনে প্রাকৃতিক দুযোগৰ ফলত চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা ১৭ জনকে ছাত্র-ছাত্রী গুৰুতৰ ভাৱে আহত হয়। আহত ছাত্র-ছাত্রীসকলকলৈ বিদ্যালয়খনৰ অধ্যক্ষ ৰাজেশ দত্ত আৰু শিক্ষক-শিক্ষয়িত্রীসকল চিন্তিত হৈ পৰে।আহতসকলক লগে লগে চাৰিদুৱাৰ ৩০খন বিচনাযুক্ত চিকিৎসালয়লৈ প্রেৰণ কৰে। প্ৰকৃতাৰ্থ এইয়া মকড্ৰিল হয়।এনে ধৰণৰ দুর্যোগ আহিলে স্থানীয় লোকসকল আৰু বিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীসকল কেনেদৰে নিজকে সুৰক্ষিত হ'ব লাগিব সেই সন্দর্ভত জৰুৰীকালীন ব্যৱস্থাপনাৰ অনুশীলন কৰা হয়। জিলা দুর্যোগ ব্যৱস্থা কর্তৃপক্ষৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকাৰীৰ সহযোগত চাৰিদুৱাৰৰ দুটাকে স্থানত মকড্রিল কার্যসূচী ৰূপায়ণ কৰে। এই মকড্রিলৰ জৰিয়তে ছাত্র-ছাত্রীসকল লগতে ৰাইজ  যথেষ্টখিনি উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে ৷ 

জামুগুৰিহাট