/asomiyapratidin/media/media_files/2025/09/15/1-2025-09-15-12-43-30.jpg)
ডিজিটেল সংবাদ,সৰভোগঃ বৰপেটাৰোডৰ ভালুকী শালমাৰা চ'ক বজাৰত ভালুকী গাঁৱৰ সমাজ উন্নয়ন সমিতিৰ উদ্যোগত এক ব্যতিক্ৰমী সজাগতা সভা অনুষ্ঠিত হয়। ভালুকী গাঁৱৰ সমাজ উন্নয়ন সমিতিৰ সচেতন ৰাইজৰ প্ৰচেষ্টাত ড্ৰাগছ ,জুৱা বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে।
উক্ত সভাতে একাংশ ড্ৰাগছ মাফিয়া, ড্ৰাগছ আসক্ত ব্যক্তিসকলক মৃত্যুৰ সময়ত কবৰস্থানত কবৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ভালুকী গাঁৱৰ সমাজ উন্নয়ন সমিতিয়ে। ভালুকী গাঁৱৰ সমাজ উন্নয়ন সমিতিয়ে গাঁৱৰ ড্ৰাগছ মাফিয়া, ড্ৰাগছ আসক্ত ব্যক্তিসকলক সমাজৰ পৰা এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
মছজিদৰ ঈমামসকলে ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ আসক্ত ব্যক্তিসকলৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা নকৰাৰ সিদ্ধান্ত লয়। সমাজত বাল্যবিবাহ আৰু জুৱা খেলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভালুকী গাঁৱৰ সচেতন ৰাইজ।
উল্লেখ্য যে, বৰপেটাৰোড আৰোক্ষী থানাৰ নিলগতে ভালুকী গাঁৱত দিনে নিশাই চলি আহিছে জুৱা খেল। ইয়াকে লৈ সৰব হৈ পৰিছে সচেতন মহল।