/asomiyapratidin/media/media_files/2026/01/28/6-2026-01-28-17-29-26.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰকুছি নিৱাসী ভাৰতীয় ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সৰবৰহী ব্যক্তি, সমাজসেৱক সৰ্বেশ্বৰ মালী(৮৭)ৰ ২৪ জানুৱাৰীত মৃত্যু ঘটে। তেওঁ একেধাৰে বৰকুছি অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান ক্ৰমে বৰকুছি ৰাইজ গয়ৰহ,নিজেশ্বৰী মন্দিৰ পৰিচালনা সমিতি,বৰকুছি আঞ্চলিক ব'হাগী উৎসৱ, সুৱেৰী উৎসৱ, বাৰ্ষিক সভা উৎসৱ আদিৰ সৈতে জড়িত থকাৰ উপৰি বিভিন্ন বিষয়বাব অলংকৃত কৰিছিল।
তেওঁ মৃত্যুৰ সময়ত পত্নী, তিনি পুত্ৰ,দুই কন্যা,বোৱাৰী নাতি নাতিনীসহ ইষ্ট-কুটুম্বক এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us