জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথম বৈদ্যুতিক ট্ৰাকৰ নৌবহৰ (সলনিযুক্ত বেটাৰীৰ ব্যৱস্থাৰ সৈতে) মুকলি কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালৰ

এই চুক্তিৰ উদ্দেশ্য হৈছে বন্দৰ কর্তৃপক্ষসমূহৰ বাবে খৰচৰ বেঞ্চমার্কিং আৰু বন্দৰ বেঞ্চমার্কিঙৰ দৃষ্টিকোণৰ পৰা বিভিন্ন ধৰণৰ মালবাহী আৰু পণ্যবাহী বন্দৰ খণ্ডৰ বাবে টাৰিফ নির্ধাৰণৰ এক উপযুক্ত ফ্ৰেমৱৰ্ক প্ৰণয়ন কৰা।

author-image
Asomiya Pratidin
New Update
new ap web 2 (10)

ডিজিটেল ডেস্কঃ  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণৰ নৱা শ্বেৱা ডিস্ট্রিবিউশ্যন টার্মিনেলত ভাৰতৰ প্ৰথম বৈদ্যুতিক গধুৰ ট্ৰাকৰ নৌবহৰৰ শুভউদ্বোধন কৰে, য'ত বেটাৰী সলনিৰ সুবিধা আছে। এই পদক্ষেপে জৱাহৰলাল নেহৰু বন্দৰক ভাৰতৰ বন্দৰসমূহৰ ভিতৰত সৰ্ববৃহৎ বৈদ্যুতিক ট্রাক নৌবহৰৰ অধিকাৰী হিচাপে পৰিগণিত কৰিছে, যি বহনক্ষম লজিষ্টিকৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

WhatsApp Image 2025-09-25 at 7.08.43 PM (1)

এক গধুৰ-শক্তিৰ বেটাৰী সলনি কৰা কেন্দ্ৰও এই উপলক্ষে উদ্বোধন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। বন্দৰটোৰ লক্ষ্য হৈছে ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত ইয়াৰ প্ৰায় ৬০০ গধুৰ ট্ৰাক নৌবহৰৰ ৯০% বৈদ্যুতিক বাহনলৈ ৰূপান্তৰিত কৰা। অনুষ্ঠানৰ সময়ত জৱাহৰলাল নেহৰু বন্দৰ আৰু দিল্লীৰ অশোকা বিশ্ববিদ্যালয়ৰ আইচিপিপি-ৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

এই চুক্তিৰ উদ্দেশ্য হৈছে বন্দৰ কর্তৃপক্ষসমূহৰ বাবে খৰচৰ বেঞ্চমার্কিং আৰু বন্দৰ বেঞ্চমার্কিঙৰ দৃষ্টিকোণৰ পৰা বিভিন্ন ধৰণৰ মালবাহী আৰু পণ্যবাহী বন্দৰ খণ্ডৰ বাবে টাৰিফ নির্ধাৰণৰ এক উপযুক্ত ফ্ৰেমৱৰ্ক প্ৰণয়ন কৰা।

WhatsApp Image 2025-09-25 at 7.08.44 PM (1)

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দর্ভত কয়, "আজি, যেতিয়া জৱাহৰলাল নেহৰু বন্দৰে ইয়াৰ লজিষ্টিক বাহনসমূহৰ নৌবহৰৰ বৈদ্যুতিকৰণৰ দিশত এক নির্ণায়ক পদক্ষেপ গ্রহণ কৰিছে, তেতিয়া ই বন্দৰৰ পৰিধি নেওচি এক যোগাত্মক বার্তা প্ৰেৰণ কৰিছে। ভাৰতৰ বন্দৰসমূহে এতিয়া সুসজ্জিত ভৱিষ্যতক আঁকোৱালি ল'বলৈ স্থায়িত্ব, দক্ষতা আৰু ক্ষমতাৰ মান স্থাপন কৰিবলৈ সাজু। ভাৰতৰ বন্দৰসমূহে সৌৰ আৰু বায়ু শক্তি প্রকল্প, এলএনজি আৰু হাইড্ৰ'জেন ইন্ধন পৰিকাঠামো, মালবাহী হেণ্ডলিং সঁজুলিৰ বৈদ্যুতিকৰণৰ দিশত নিৰন্তৰ কাম কৰি আছে। প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি নিশ্চিত কৰিছোঁ যে ভাৰতীয় সামুদ্রিক খণ্ডই বিশ্বব্যাপী উন্নয়নৰ সৈতে তাল মিলাই স্থায়িত্ব আৰু দক্ষতাৰ নতুন মান স্থাপন কৰিছে।" 

এই অত্যাধুনিক বৈদ্যুতিক ট্ৰাকৰ প্ৰৱৰ্তন জৱাহৰলাল নেহৰু বন্দৰৰ ডিকাৰ্বনাইজেশ্যন আৰু শক্তি ৰূপান্তৰৰ নিৰন্তৰ সাধনাত আন এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। এই পদক্ষেপে বন্দৰৰ কাৰ্যকৰী দক্ষতা বৃদ্ধি আৰু মালবাহী পৰিবহণৰ ক্ষেত্ৰত কাৰ্বনৰ ব্যৱহাৰ হ্ৰাসৰ দৃঢ়তা প্রতিফলিত কৰে।আজি মুঠ ৫০খন ট্ৰাকৰ উদ্বোধন কৰা হয় আৰু বছৰৰ শেষলৈ এই সংখ্যা ৮০লৈ সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে।

WhatsApp Image 2025-09-25 at 7.08.44 PM

সর্বানন্দ সোণোৱালে লগতে কয়, "জৱাহৰলাল নেহৰু বন্দৰে বিশ্ব বেংকৰ চি পি পি আই সূচকত বিশ্বৰ শীৰ্ষ ২৫টা বন্দৰৰ মাজত স্থান লাভ কৰিছে, মালবাহী সঞ্চালনত ৰেকৰ্ড সৃষ্টি কৰিছে আৰু ডিজিটেলাইজেশ্যন তথা সেউজ শক্তিৰ মূল প্রকল্পসমূহৰ অগ্রগতি সাধন কৰিছে। আজিৰ এই অনুষ্ঠানে সেই সাফল্যৰ মুকুটত আন এক ৰত্ন সংযোজিত কৰিছে।"

মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰ, লক্ষ্মণন, জৱাহৰলাল নেহৰু বন্দৰৰ অধ্যক্ষ উন্মেশ শাৰদ ৱাঘ আৰু ভিপিপিএল-ৰ মুখ্য পৰিচালন সঞ্চালকেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এই অনুষ্ঠানত যোগদান কৰে। জৱাহৰলাল নেহৰু বন্দৰত বৈদ্যুতিক ট্ৰাকৰ অধিক মোতায়েনে প্রধানমন্ত্রী গতি শক্তি আৰু ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ অধীনত ভাৰতৰ বৃহত্তৰ লজিষ্টিক ৰূপান্তৰৰ এক প্রমাণ হিচাপে কাম কৰিব।

WhatsApp Image 2025-09-25 at 7.08.43 PM

 ২০৭০ চনৰ ভিতৰত ভাৰতৰ নেট-জিৰ' প্রতিশ্রুতিৰ সৈতে ৰাষ্ট্ৰীয় শক্তি ৰূপান্তৰ লক্ষ্যৰ সংগতি প্রদর্শন, ৰাষ্ট্ৰীয় বৈদ্যুতিক গতিশীলতা মিশ্যন পৰিকল্পনাৰ ত্বৰান্বিতকৰণ, নির্গমন, বায়ু প্ৰদূষণ আৰু শব্দ প্রদূষণ হ্রাস, অন্যান্য প্রধান আৰু অপ্ৰধান বন্দৰসমূহৰ বাবে মালবাহী হেণ্ডলিং আৰু শেষ-মাইল সংযোগৰ বাবে বৈদ্যুতিক বাহন গ্ৰহণৰ এক পুনৰাবৃত্তিযোগ্য মান স্থাপন ইত্যাদি এই নতুন পদক্ষেপৰ অধীনত অন্তর্ভুক্ত থাকিব।

এই অনুষ্ঠানে মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু গ্ৰীণ প'টছ্ পদক্ষেপৰ অধীনত সামুদ্ৰিক খণ্ডত নিৰ্গমন হ্ৰাসৰ ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰ প্ৰতি জৱাহৰলাল নেহৰু বন্দৰৰ অটল প্ৰতিশ্ৰুতি ত্বৰাম্বিকৰণ প্ৰতিফলিত কৰিছে।

সৰ্বানন্দ সোণোৱাল